নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধূপধৰাত উদণ্ড যুৱকে প্ৰেমিকাৰ ঘৰত আহি সংঘটিত কৰিলে অঘটন

🔹 সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰ : গোৱালপাৰা জিলাৰ ধূপধৰাত ভয়ংকৰ কাণ্ড কৰিলে উদণ্ড প্ৰেমিকে। প্ৰেমিকাৰ লগতে প্ৰেমিকাৰ মাতৃক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে প্ৰেমিক সমুদ্ৰ ৰাভাই। প্ৰাপ্ত তথ্য অনুযায়ী বকো আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰা জলধাপাৰাৰ সমুদ্ৰ ৰাভা নামৰ যুৱকজনে যোৱানিশা প্ৰায় ৮.৩০ বজাত গোৱালপাৰা জিলাৰ ধূপধৰাৰ যোগীপাৰাত থকা প্ৰেমিকাৰ বাসগৃহত উপস্থিত হয়। প্ৰেমিকাৰ বাসগৃহৰ বাৰীৰ পিছফালৰ পৰা প্ৰৱেশ কৰি সমুদ্ৰ ৰাভাই প্ৰেমিকা আৰু প্ৰেমিকাৰ মাতৃক আক্ৰমণ কৰে। মাতৃ-কন্যাই সেই সময়ত মোবাইল চাই থকা অৱস্থাতে সমুদ্ৰ ৰাভাই দুয়োকে আক্ৰমণ কৰে। আক্ৰমণত মাতৃ-কন্যা দুয়ো চিঞৰ-বাখৰ কৰাত ওচৰ-চুবুৰীয়াই তেওঁলোকৰ ঘৰত চোৰে প্ৰৱেশ কৰা বুলি তেওঁলোকেও চিঞৰ-বাখৰ কৰিবলৈ ধৰে। তেনে সময়তে সমুদ্ৰই পলায়ন কৰে। ওচৰ-চুবুৰীয়া প্ৰেমিকাৰ ঘৰত উপস্থিত হোৱাত দুয়ো মাতৃ-কন্যাক তেজেৰে লুতুৰি-পুতুৰি দেখি ততাতৈয়াকৈ ধূপধৰাস্থিত বিকালী আদৰ্শ চিকিৎসালয়ত চিকিৎসাৰ বাবে লৈ আনে। সমুদ্ৰ ৰাভাই দুয়ো মাতৃ-কন্যাক আক্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। ইফালে, এই জঘন্য-লোমহৰ্ষক ঘটনা সংঘটিত কৰি পলায়ন কৰা সমুদ্ৰ ৰাভাই বকো থানাত আত্মসমৰ্পণ কৰে। পিছত বকো আৰক্ষীয়ে সমুদ্ৰ ৰাভাক ধূপধৰা আৰক্ষীক গতাই দিয়ে। আনহাতে, এই জঘন্য অপৰাধ সংঘটিত কৰা সমুদ্ৰ ৰাভাক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে ধূপধৰাৰ বিভিন্ন দল-সংগঠনে।

 

প্ৰেৰক পংকজ মাহাতো

You might also like