নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিত মৃতদেহক লৈ চাঞ্চল্য

🔹 দুই পৰিয়ালৰ দাবীক লৈ বিপাঙত আৰক্ষী, ডিএনএ পৰীক্ষাৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : গুৱাহাটী মহানগৰীৰ উপকণ্ঠৰ চাংসাৰিত কালি এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰে চাঞ্চল্য । মৃতদেহটো উদ্ধাৰ হয় ঘাইপথ অৰু ৰেল লাইনৰ মাজৰ দ অংশৰ হাবি-জংঘলেৰে ভৰি থকা এটা ডাষ্টবিনসদৃশ জাবৰৰ দ’মত। প্ৰকৃততে অঞ্চলটোত সৃষ্টি হোৱা উৎকট দুৰ্গন্ধই এই কথা পোহৰলৈ আনে । দুৰ্গন্ধৰ উৎস বিচাৰি পথাৰত কাম কৰা এগৰাকী স্থানীয় ব্যক্তিয়ে প্ৰত্যক্ষ কৰে মৃতদেহটো । উল্লেখ্য যে চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত ব্যঞ্জন হোটেলৰ সমীপত তথা চৌকীগেট উৰণীয়া সেতুৰ উত্তৰ দিশৰ ডিভাইদাৰটোৰ বাঁওফালে অৱস্থিত পথৰ দাঁতিৰ জংঘলত বিয়লি ৪.৩০ মান বজাত পুৰুষৰ গেলিবলৈ ধৰা মৃতদেহটো উদ্ধাৰ হয় । অতিকৈ ব্যস্ততাপূৰ্ণ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ একাংশ অবিবেচকী লোকে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পেলনীয়া সামগ্ৰীৰে ডাষ্টবিনত পৰিণত কৰা পূতিগন্ধময় অংশত মৃতদেহ উদ্ধাৰৰ বিষয়টোক কোনোৱে সহজভাৱে গ্ৰহণ কৰা নাই । কিয়নো এনেধৰণৰ ঘটনা পূৰ্বেও ঘাইপথৰ দাঁতিত সংঘটিত হোৱাৰ উদাহৰণ আছে । এনে প্ৰেক্ষাপটত প্ৰাথমিক তদন্ত অনুসৰি অচিনাক্ত লোকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে । ইতিমধ্যে চাংসাৰি আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো তাৰ পৰা উদ্ধাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইপিনে, চাংসাৰি আৰক্ষী থানাত মৃতদেহটো চিনাক্তৰ বাবে আজি পুৱাৰ ভাগত তিনিটা পৰিয়াল উপস্থিত হোৱা পৰিলক্ষিত হয়। ইয়াৰে দুটাকৈ পৰিয়ালৰ লোকে মৃতদেহটো নিজৰ মানুহৰ বুলি দাবী কৰাত আৰক্ষী অন্য এক বিপাঙত পৰে । গেঞ্জী আৰু হাফপেণ্ট পৰিহিত মৃতদেহটোৰ মুখমণ্ডলে যথেষ্ট বিকৃত ৰূপ লোৱাত চিনাক্তকৰণত কিছু অসুবিধাৰ সৃষ্টি হৈছে যদিও শৰীৰৰ অৱয়বলৈ চাই এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকা বৰপেটা হাউলিৰ এটা পৰিয়ালৰ লগতে চাংসাৰিত ভাৰাতীয়া হিচাপে থকা কমলপুৰ সমষ্টিৰ মাৰৈৰ বাসিন্দা টুবুল আলী (৪৫)ৰ বুুলি পৰিয়ালৰ লোকে দাবী কৰাত আৰক্ষী সমস্যাত পৰে । এনে সন্ধিক্ষণত মৃতদেহটোৰ ডিএনএ পৰীক্ষাৰ বিকল্প নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে । অৱশ্যে আৰক্ষীয়ে আজি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে ।
প্ৰেৰক অনুভৱ কুমাৰ
You might also like