নিয়মীয়া বাৰ্তা, ৮ মে’ : প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত যোৱানিশা তচনচ হ’ল পশ্চিম নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল। নিশাৰ ভাগত অহা প্ৰচণ্ড বৰষুন আৰু বা-মাৰলিত পশ্চিম নলবাৰী অঞ্চলৰ চামতা, কুলবিল, সাহপুৰ, নদলা, পূৰ্ণি, বৰপিট, আমনি, ৰূপীয়াবাথান, গামাৰিমূৰী, গন্ধিয়া, বেলশৰ, বৰি, ঠুটিকাটা, জাগাৰা ৰোড, পকোৱা, বনগাঁও, বৰনৰ্দ্দী, কৈঠালকুছি আদিকে ধৰি বিভিন্ন স্থানত একপ্ৰকাৰ মহটিয়াই নিয়ে। আনহাতে, নিশা প্ৰায় ১১:৩০ বজাৰ ধুমুহাৰ তাণ্ডৱত কথমপি প্ৰাণৰক্ষা পৰে খাটাৰূপীয়া বাথানগাঁৱৰ কমলেশ্বৰ কাকতিৰ পৰিয়ালটো। প্ৰাপ্ত তথ্য মতে ঘৰৰ ওপৰত গছ বাগৰি পৰাত পহলংপাৰা-কুলবিলৰ সুকুমাৰ কাকতিৰ পৰিয়ালটোৰ কথমপি প্ৰাণৰক্ষা পৰে। সুকুমাৰ কাকতিৰ পত্নী চন্দনা কাকতিয়ে কিছুপৰিমাণে আঘাত পোৱা বুলিও জানিব পৰা গৈছে। পশ্চিম নলবাৰীৰ বৰি নৱজ্যোতি ক্লাবৰ উদ্যোগত চলি থকা ৰঙালী বিহুৰ অনুষ্ঠানতো কিছুপৰলৈ যতি পৰে ধুমুহাৰ তাণ্ডৱত।আনহাতে, অঞ্চলটোৰ বিভিন্ন ঠাইত গছ-গছনি উভালি পৰাৰ লগতে বিউমুহখৰ সময়ৰে পৰা বাতৰি যুগুতোৱাৰ পৰলৈকে বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে। বৃহত্তৰ অঞ্চলটোৰ কেইবাটাও ঘৰ ভাঙি পৰাৰ লগতে টিনৰ চালি আদি বিধ্বংসী ধুমুহাজাকে উৰুৱাই লৈ যায়। উল্লেখ যে ধূনুহা বৰষুণৰ ফলত চামতা সর্থেবাৰী পল্লাপথৰ চামতা মটৰষ্টেণ্ডত ধূমুহাৰ ফলত এডাল প্রকাণ্ড গছ উফালি পৰি ৰাস্তাৰ ওপৰত থকা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎতৰ তাৰ চিঙি যোৱাৰ লগতে পথচোৱা সম্পূর্ণ বন্ধহৈ পৰে৷ ইফালে খাটাৰূপীয়াবাথান গাওঁত থকা গোপাল মন্দিৰৰ টিঙপাত ধূমুহাই উৰুৱাই লৈ যোৱাৰ লগতে বিনোদ বর্মনৰ ঘৰৰ বৃহত খতি সাধন হয় ৷ যোৱানিশা ধূমুহাৰ ফলত সমগ্র পশ্বিম নলবাৰী অঞ্চলত বিদ্যুৎ সংযোগ বন্ধহৈ পৰে৷ চাৰিও ফালে খুটাসমুহ উভালি পৰাৰ উপৰি তাঁৰসমূহ চিঙি যোৱাত বিদ্যুৎ বিভাগৰ কর্মচাৰীসকলে দিনে-নিশাই কাম কৰিছে যদিও বিদ্যুৎ সংযোগ দিবপৰা নাই ৷
প্রেৰক তপন কুমাৰ শর্মা