নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ ৰামজাখালা সীতা পাতালপুৰী মন্দিৰলৈ ভাবুকি

📌 মন্দিৰ পৰিচালনা সমিতি-ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ৮ জুনঃ ইতিহাস প্ৰসিদ্ধ তীৰ্থস্থান কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰীশ্ৰী ৰামজাখালা সীতা পাতালপুৰী মন্দিৰৰ ভূমিৰ ওপৰত দুষ্ট চক্ৰৰ শেনচকু পৰা আৰু সনাতন ধৰ্মক কলুষিত কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। বকো চহৰৰ নিচেই কাষতে থকা ৰামজাখালা পাহাৰত ৰাম মন্দিৰ আৰু সীতা পাতালপুৰী নামৰ অতীজৰে পৰা অঞ্চলটোৰ উপাসনাৰ তীৰ্থভূমি আছিল। এক মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ আছিল পবিত্ৰ তীৰ্থস্থানখন। উল্লেখ্য যে সনাতন ধৰ্মৰ সকলো দেৱ-দেৱীৰ পূজা-অৰ্চনা, তিথি পৰ্ব যথা ৰীতি-নীতিৰে পৰিচালিত হৈ আছিল। ইফালে, মহাশিৱৰাত্ৰি পূজাত সহশ্ৰাধিক লোকে পূজা-পাৰ্বণ কৰাৰ উপৰি সৰস্বতী পূজাৰ দিনা ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীয়ে দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰি আশীৰ্বাদ গ্ৰহণ কৰিছিল। কিন্তু কালক্ৰমত সেই অঞ্চলৰ কেইবাজনো দুৰ্বৃত্তৰ উপদ্ৰৱত পবিত্ৰ তীৰ্থভূমি এতিয়া নি:শেষ হোৱাৰ পথত বুলি ক্ষোভ উজাৰে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মিলন ৰাভাকে ধৰি হিন্দু সভ্যতা মানি চলা ৰাইজে। একাংশ অসামাজিক ব্যক্তিয়ে মন্দিৰৰ পূজাৰীক আক্ৰমণ কৰি খেদি পঠিয়ায় বুলি সচেতন ধৰ্মপ্ৰাণ ৰাইজে অভিযোগ উত্থাপন কৰে। ইয়াৰ ভিতৰত ধীৰেন কলিতা; অমৃত ৰাভা আৰু নমিতা ৰাভাক প্ৰধান জগৰীয়া বুলি দাবী কৰি ইতিমধ্যে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। সেয়েহে বকোৰ ধৰ্মপ্ৰাণ ৰাইজে চৰকাৰ-প্ৰশাসনক আহ্বান জনাইছে যে পবিত্ৰ মন্দিৰৰ ভূমি দখল কৰা চক্ৰটোক উৎখাত কৰি ৰামজাখালা সীতা পাতালপুৰী মন্দিৰৰ সুৰক্ষাৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে। অন্যথা সনাতন হিন্দু ধৰ্মৰ ওপৰত কুঠাৰাঘাট পৰাৰ বাবে বেছিদিন নালাগিব।

প্ৰেৰক  বিষ্ণু ৰাম দাস

You might also like