নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ-এআইইউডিএফৰ মাজত ইলু ইলু আছে

📌গাংমৌত শৰাই শলিতা আগবঢ়াই আশিস লৈ বিহালীত দিগন্ত ঘাটোৱাৰৰ মনোনয়ন দাখিল
বিশেষ বাৰ্তা, ২৩ অক্টোবৰঃ বিৰোধী ঐক্য থানবান হোৱাৰ সময়তেই আজি বৈষ্ণৱ পীঠস্থান গাংমৌত শৰাই শলিতা আগবঢ়াই  আশিসলৈ ঢোলে দগৰে নেতা-কৰ্মীৰে বিশ্বনাথৰ নিৰ্বাচনী  ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে বিহালীৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে।ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীয়ুষ হাজৰিকা, সঞ্জয় কিষান, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, পদ্ম হাজৰিকা, উৎপল বৰা, দিগন্ত কলিতা, কলিয়াবৰৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, ৰঙাপৰাৰ বিধায়ক কমল কৃষ্ণ তাতি, ঢেকীয়াজুলিৰ বিধায়ক গনেশ লিম্বু, জেষ্ঠ বিজেপি নেতা পৰেশ বৰকটকী, বিধায়ক ভূবন পেগু, চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি দুলাল নায়ক, প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকা আদিয়ে আজি মনোনয়ন পৰ্বত দিগন্ত ঘাটোৱাৰক সংগ দিয়ে। পুৱা বিহালীত আশিস লৈ বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত উপস্থিত হোৱা দিগন্ত ঘাটোৱাৰৰ সমৰ্থনত এক বৃহৎ সভাও অনুষ্ঠিত হয়।কেবা সহস্ৰ বিজেপি সমৰ্থকৰ উচাহৰ মাজতে কৰ্মীসকলক সম্বোধন কৰি বক্তৃতাও প্ৰদান কৰে মন্ত্ৰী বিধায়কে। ইয়াৰ পিছতে বিহালী বিজেপিৰ সমবেত নেতা-কৰ্মীয়ে মাদলৰ তালে তালে সমদল জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দিশে অগ্ৰসৰ হয়।ইতিমধ্যে জিলা আয়ুক্ত তথা জিলা ৰিটাৰ্নিং বিষয়াৰ হাতত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে মনোনয়ন দাখিল কৰে।ইফালে আজি বিশ্বনাথত উপস্থিত হোৱা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ইলু ইলু আছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। মাজতে ডিভৰ্ছো দিয়ে, জনতাক নেদেখুৱাই,কিন্তু মিত্ৰতা চলি থাকে।কিয়নো কালি তেওঁলোকৰ স্বৰূপ প্ৰকট হৈ পৰে।উপ নিৰ্বাচনত প্ৰাৰ্থী নিদিয়া কথাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত  মিত্ৰতাৰ কথাকেই প্ৰতিপন্ন কৰে।তদুপৰি এ আই ইউ ডি এফ কংগ্ৰেছৰ বি টীম বুলিও কটাক্ষ ভাজপা সভাপতি ভৱেশ কলিতাৰ।ইফালে যোৱা কেইবাটাও নিৰ্বাচনত এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা চলি থকাৰ কথা উল্লেখ কৰি সভাপতি লুৰিণজ্যোতি আৰু অখিল গগৈৰেও আজমলৰ দলটোৰ মিত্ৰতাৰ কথা অৱগত কৰে।আনহাতে আজি কমলাকান্ত ক্ষেত্ৰত বিজেপি কৰ্মীৰ সমুখত ভৱেশ কলিতাৰ উদ্দাত্ত ভাষণ-গৌৰৱ গগৈক চিনি নাপায় বিহালীত,তেনে ক্ষেত্ৰত বিৰোধীয়ে  বিশেষ সফলতা লাভ নকৰে বুলিও দাবী। জনতাৰ প্ৰতি আহ্বান বিজেপিক ভোট দিয়ক, হিমন্ত বিশ্ব শৰ্মাৰ আস্থাভাজন সমষ্টি ৰূপে বিহালীক গঢ় দিয়াত বিজেপিক সহায়ৰো আহ্বান ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ। বিৰোধীয়ে প্ৰাৰ্থীয়েই দিব পৰা নাই, গতিকে প্ৰতিদ্বন্দিতা নাই বুলি মন্তব্য প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ। প্ৰাৰ্থী ঘাটোৱাৰে আনকি নিৰ্বাচনত বিপুল ভোটত জয়ী হ’ব বুলিও আত্মবিশ্বাসী। ইফালে মন্ত্ৰী পীয়ুষ হাজৰিকাই ঘৰে ঘৰে ভাজপা কৰ্মীসকলে নিৰ্বাচনী প্ৰচাৰ চলালে দিগন্ত ঘাটোৱাৰ বিপুল ভোটত জয়ী হ’ব বুলিও আহ্বান জনায়। মন্ত্ৰী পীয়ুষ হাজৰিকাই বিহালীত এই বাৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে বিশাল ভোটত জয়ী হৈ  ৰেকৰ্ড কৰিব বুলি মন্তব্য কৰে। তেওঁ কয়- বিহালীত এইবাৰ ডাঙৰ সভা বেছি নহয়। সৰু সৰু সভা সকলো স্থানতে হব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ দুই তিনিখন সভা হব। বাকী খিনি সভা সাধাৰণভাবেই হ’ব বুলিও মন্তব্য কৰে।
You might also like