নিযুক্তি বন্ধৰ সিদ্ধান্ত লোৱা নাই ৰাজ্য চৰকাৰে
নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ ৰাজ্যত ক’ৰোনাৰ সংক্রমণ চলি থকালৈ নিযুক্তি প্রক্রিয়া বন্ধ থাকিব৷ –ড০ হিমন্ত বিশ্ব শর্মাই কালি এইদৰে মন্তব্য কৰা বুলি সংবাদ মাধ্যমত প্রকাশ হোৱা বাতৰিক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ এই সন্দর্ভত টুইটযোগে মন্ত্রীগৰাকীয়ে স্পষ্ট কৰে যে একাংশ সংবাদ মাধ্যমে তেওঁৰ মন্তব্যৰ অপব্যাখ্যা কৰিছে৷ ৰাজ্যত এতিয়াও বন্ধ হোৱা নাই নিযুক্তি প্রক্রিয়া৷
উল্লেখ্য যে শনিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ক’ৰোনা আক্রান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ ল’বলৈ উপস্থিত হোৱা মন্ত্রী ড০ শর্মাই সংবাদ মধ্যমৰ সৈতে হোৱা বার্তালাপাত ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ সময়ত নিযুক্তি বন্ধ হ’ব এই মন্তব্য কৰা বুলি সংবাদ মাধ্যমত বাতৰি প্রকাশ হৈছিল৷ ইয়াকে লৈ প্রতিক্রিয়া প্রকাশ কৰা মন্ত্রীগৰাকীয়ে আজি টুইটযোগে এইবুলি স্পষ্ট কৰে– সংবাদ মাধ্যমত প্রকাশিত এই বাতৰিয়ে মোক দুঃখিত কৰিছে৷ মই নাজানো কিয় সংবাদ মাধ্যমে ডাল–যোৰা লগাই মোৰ মন্তব্য প্রকাশ কৰে৷ নিযুক্তি বন্ধ কৰাৰ কোনো সিদ্ধান্ত চৰকাৰে লোৱা নাই৷ আমি সকলো বিভাগকে বিভিন্ন পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰাৰ লগতে নিযুক্তি দিবলৈ উদগনি দিছোঁ৷
ইফালে, তিনিচুকীয়া জিলাৰ স্বাস্থ্য সম্পর্কীয় পৰিস্থিতি বুজ ল’বলৈ যোৱা মন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয়– নিযুক্তি বন্ধ হ’ব বুলি মই কোৱা নাছিলোঁ৷ মাত্র আগষ্ট মাহত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা সম্ভৱ নহ’ব বুলিহে কৈছিলোঁ৷ ৰাজ্য চৰকাৰে নিযুক্তি প্রক্রিয়া অব্যাহত ৰাখিছে৷ ইতিমধ্যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাটাও পদত নিযুক্তি দিয়া হৈছে৷ ২০–২৫ দিন পূর্বে স্বাস্থ্য বিভাগে ৭০০ পদত নিযুক্তি দিছে৷ তদুপৰি অচিৰেই প্রাথমিক বিদ্যালয়ত ১১ হাজাৰ শিক্ষকৰ পদত নিযুক্তি দিয়া হ’ব৷ গতিকে নিযুক্তি প্রক্রিয়া চলি থাকিব৷ চৰকাৰে নিযুক্তি বন্ধ কৰাৰ কোনো সিদ্ধান্তই লোৱা নাই৷