নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী পৌৰসভাৰ উপাধ্যক্ষাৰ বিৰুদ্ধে অনাস্থা : জিলা আয়ুক্তক আবেদন ১০ পৌৰ আয়ুক্তৰ

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ ধুবুৰী পৌৰসভাৰ উপাধ্যক্ষা আইভি লতা ৰায় মণ্ডল (Vice Chairman)ৰ বিৰূদ্ধে অনাস্থা প্ৰস্তাব অনাৰ বাবে পৌৰসভাটোৰ একাংশ ৱাৰ্ড আয়ুক্তই যোৱাকালি ধুবুৰী জিলা আয়ুক্তক আনুষ্ঠানিক ভাবে এখন পত্ৰ প্ৰদান কৰা বুলি জানিব পৰা গৈছে। হাতত পৰা তথ্য অনুসৰি, অনাস্থা অনাৰ বাবে প্ৰদান কৰা সেই পত্ৰখনত পৌৰসভাটোৰ মুঠ ১০গৰাকী পৌৰ আয়ুক্তৰ স্বাক্ষৰ আছে। উক্ত পত্ৰখনত আইভি লতা ৰায় মণ্ডলৰ বিৰূদ্ধে অনাস্থা প্ৰস্তাব অনাৰ কাৰণ সন্দৰ্ভে চাৰিটাকৈ কাৰণ যুক্তিৰূপে তুলি ধৰা হৈছে। প্ৰথমটো কাৰণ ৰূপে ধুবুৰী পৌৰসভাৰ উপাধ্যক্ষগৰাকীয়ে ৱাৰ্ড আয়ুক্তসকলৰ প্ৰতি স্বৈৰাচাৰী আচৰণ আৰু অসন্মান কৰাৰ অভিযোগ অনা হৈছে। আইভি লতা মণ্ডলে ৱাৰ্ড আয়ুক্ত সকলৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰি ওয়ার্ড-স্তৰৰ প্রকল্পবোৰত প্ৰত্যক্ষ হস্তক্ষেপ কৰাৰো অভিযোগ কৰিছে ক্ষুব্ধ সেই ১০গৰাকী ৱাৰ্ড আয়ুক্তই। পত্ৰখনত আনকি আইভি ৰায় মণ্ডলে দুর্নীতিৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰাৰ সমান্তৰালকৈ তেখেতৰ আচৰণৰ বাবে জনমানসত পৌৰসভাৰ ভাবমূর্তি ম্লান কৰা বুলিও উল্লেখ আছে। চাৰি নম্বৰ কাৰণত, পৌৰভাৰ কর্মচাৰী আৰু ৰাইজৰ পৰা তেওঁৰ বিৰূদ্ধে অ-পেচাদাৰ আৰু ভয়-ভীতিপূর্ণ আচৰণ সন্দৰ্ভে বহু মৌখিক অভিযোগ পোৱা বুলিও উল্লেখ কৰা হৈছে। উল্লেখ্য যে, বিগত পৌৰসভা নিৰ্বাচনত ধুবুৰী চহৰৰ ১৬টা ৱাৰ্ডৰ ১১টাতে বিজয়ী হৈ নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল বিজেপিয়ে। পিছলৈ গৈ নিৰ্দলীয় ৰূপে বিজয়ী হোৱা দুগৰাকাকৈ ৱাৰ্ড আয়ুক্তই আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰাৰ পিছত ধুবুৰী পৌৰসভাত বিজেপিৰ পৌৰ আয়ুক্তৰ সংখ্যা ১৩টালৈ বৃদ্ধি পাইছিল। বাকী ৩টা ৱাৰ্ডৰ ২টাত অগপই বিজয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছ দলে ১টাত বিজয়ী হৈছিল। বিগত ২০২২ বৰ্ষৰ ৭ এপ্ৰিলৰ দিনা ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ পৰা বিজয়ী হোৱা তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাঃ দেৱময় সান্ন্যালক অধ্যক্ষ আৰু চহৰখনৰ ১৫ নং ৱাৰ্ডৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপে বিজয়ী হোৱা আইভি লতা ৰায় মণ্ডলক উপাধ্যক্ষাৰূপে লৈ ধুবুৰী পৌৰসভা গঠিত হৈছিল। বিপৰীতে কংগ্ৰেছ দলে ১টাত বিজয়ী হৈছিল। বিগত ২০২২ বৰ্ষৰ ৭ এপ্ৰিলৰ দিনা ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ পৰা বিজয়ী হোৱা তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাঃ দেৱময় সান্ন্যালক অধ্যক্ষ আৰু চহৰখনৰ ১৫ নং ৱাৰ্ডৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপে বিজয়ী হোৱা আইভি লতা ৰায় মণ্ডলক উপাধ্যক্ষাৰূপে লৈ ধুবুৰী পৌৰসভা গঠিত হৈছিল।

প্ৰ্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like