নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎ সংযোগ নাই, বিল আহিল ২২ হাজাৰ টকা

🔹 মানকাচৰত নাভূত-নাশ্ৰুত কাণ্ড

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ : মানকাচৰত বিদ্যুৎ বিভাগৰ আজব কাণ্ড। বিদ্যুৎ সংযোগ নিদিয়াকৈ দিনহাজিৰা কৰি খোৱা ভূমিহীন ব্যক্তিৰ নামত আহিল ২২ হাজাৰ টকাৰ বিদ্যুৎ বিল। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ কাকৰীপাৰা দ্বিতীয় খণ্ড গাঁৱৰ নুৰ আমিন নামৰ ব্যক্তিজনৰ নামত ২২ হাজাৰ টকাৰ বিদ্যুৎ বিল অহাত হতবাক হৈ পৰিছে ব্যক্তিগৰাকী। নুৰ আমিন নামৰ ভূমিহীন ব্যক্তিগৰাকীৰ ঘৰত বিদ্যুৎ সংযোগ নথকাৰ পিছতো এই বিদ্যুৎ বিল দেখি মূৰে-কপালে হাত দিছে আন লোকৰ মাটিত অস্থায়ীভাৱে জুপৰি এটাত আশ্ৰয় লৈ থকা নুৰ আমিনে। ইতিমধ্যে লোক আদালতৰ তৰফৰ পৰা ১৪ ছেপ্টেম্বৰত হাজিৰ হ’বলৈ হাটশিঙিমাৰীত ২২ হাজাৰ টকা বিদ্যুৎ বিল সন্দৰ্ভত নুৰ আমিনলৈ জাননী প্ৰেৰণ কৰিছে। ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ হৈ থকাৰ সময়তে মানকাচৰ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ কাকৰীপাৰা গাঁৱত সংঘটিত হৈছে এই আজব কাণ্ড।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like