🔹 নৱনীতা শর্মাৰ ‘মালাৰ সপোন’ উন্মোচন
বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : ‘অসমীয়া ভাষাত বহুতো গ্ৰন্থ প্ৰকাশ পাই আছে, কিন্তু সেই অনুপাতে পঢ়ুৱৈৰ সংখ্যা বঢ়া নাই। সেয়ে লেখকসকলে পাঠক সৃষ্টিতো গুৰুত্ব আৰোপ কৰা উচিত। অসমীয়া ভাষাটো যিমান পুৰণি, সেই অনুসৰি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাই। অলপতে কৰা এটা সমীক্ষা অনুসৰি বৰ্তমান অসমীয়া দৈনিক কাকত পঢ়া লোক হ’ল অসমৰ মুঠ জনসংখ্যাৰ ৭.২৬ শতাংশ।’- অসম গ্ৰন্থমেলা, খানাপাৰাৰ উপেন্দ্ৰ নাথ শৰ্মা সভাগৃহত নৱনীতা শৰ্মাৰ প্ৰথম উপন্যাস ‘মালাৰ সপোন’ উন্মোচন কৰি ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাই এনেদৰে কয়। তেওঁ আৰু কয় যে আমাৰ নতুন প্ৰজন্মই কি বিচাৰে, তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। তেওঁলোকে বিচৰাখিনি পালে নিশ্চয়কৈ পঢ়াৰ প্ৰতি আগ্ৰহী হ’ব। কলিতাই লেখিকাৰ পৰা অধিক উন্নত লেখা আশা কৰি লেখিকাক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়। শৰ্মিষ্ঠা দাসৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানত লেখিকা নৱনীতা শৰ্মাই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে পাঠকৰ আশীৰ্বাদ তেওঁৰ বাবে নতুন সৃষ্টিৰ পাথেয় হৈ ৰ’ব। শৰ্মিষ্ঠা শৰ্মাই সাৱলীলভাৱে আঁত ধৰা অনুষ্ঠানত উপস্থিত থকা মৃণাল শৰ্মা, ৰাজু শৰ্মা, শেৱালি শইকীয়া আৰু মধুস্মিতা চক্ৰৱৰ্তীয়েও অনুভৱৰ দুআষাৰ ব্যক্ত কৰে। ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।