নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্রৱাত খিলঞ্জীয়াৰ বাহিৰে অন্য লোকে কিনিব নোৱাৰিব ভূমি : ড০ শর্মা

🔹 অচিৰেই বিধানসভাত আনিব গুৰুত্বপূর্ণ বিধেয়ক
🔹 থানৰ ৮ কিলোমিটাৰ ব্যাসার্ধত ভূমি ক্রয়–বিক্রয়ত চৰকাৰে আনিব নিষেধাজ্ঞা

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ছেপ্টেম্বৰ : বটদ্রৱা থানৰ আঠ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত ভূমি ক্রয়–বিক্রয়ত নিষেধাজ্ঞা আনিব চৰকাৰে৷ ঐতিহ্য আৰু ভক্তিৰ প্রতীকস্বৰূপ বটদ্রৱা থানখনৰ সুৰক্ষাৰ স্বার্থতে চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিব৷ এই সম্পর্কত অচিৰেই বিধানসভাত এখন আইনো আনিব৷ এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ বটদ্রৱা থানত মুখ্যমন্ত্রী ড০ শর্মাই এই বিষয়ে প্রকাশ কৰি কয় যে ৰাজ্য চৰকাৰে শ্রীশ্রী বটদ্রৱা থানক ঐতিহ্য ক্ষেত্র হিচাপে চিহ্ণিত কৰি থানখনৰ পৰা আঠ কিলোমিটাৰৰ ভিতৰত খিলঞ্জীয়া লোকৰ বাহিৰে আন লোকক ভূমি ক্রয়–বিক্রয়ত নিষেধাজ্ঞা আৰোপৰ অর্থে এখন আইন প্রণয়নৰো প্রচেষ্টা হাতত লৈছে৷ ৰাজ্য চৰকাৰৰ এই পদক্ষেপ থানখনৰ বাবে এক সুৰক্ষাকৱচ হিচাপে কাম কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে উক্ত আইনখন প্রণয়ন নোহোৱা পর্যন্ত বটদ্রৱা থানৰ পৰা আঠ কিলোমিটাৰলৈকে সমগ্র অঞ্চলটোত থলুৱা লোকৰ বাহিৰে আন লোকক ভূমি ক্রয়–বিক্রয়ত অনুমতি নিদিবলৈ ইতিমধ্যে জিলা আয়ুক্তক নির্দেশ দিয়া হৈছে৷ প্রস্তাৱিত আইনখন সম্পর্কত ৰাজ্য চৰকাৰে অচিৰেই বটদ্রৱা থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷ সেইদৰে নগাঁও চহৰৰ যান–জঁট সমস্যা লাঘৱ কৰিবলৈ নগাঁও চহৰৰ চিভিল হাস্পতালৰ সন্মুখত এখন উৰণ সেতু নির্মাণৰ চিন্তা–চর্চাও চৰকাৰে কৰি আছে বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে৷

You might also like