🔹 ঢাকাৰ কেন্দ্রীয় কাৰাগাৰত বন্দী প্ৰদীপ ৰায় ওৰফে ৰঞ্জন চৌধুৰী !
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : শীঘ্ৰে আলফা আৰু চৰকাৰৰ মাজত হ’বলগীয়া বহু প্ৰত্যাশিত শান্তি চুক্তিখনৰ প্ৰাকমুহূৰ্তত ধুবুৰীৰ একাংশ মহলত উচ্চাৰিত হৈছে এগৰাকী বিশেষ আলফা নেতাৰ নাম। স্মৰ্তব্য যে ২০১৫ চনৰ ১১ নৱেম্বৰৰ দিনা আলফাৰ শীৰ্ষ নেতা অনুপ চেতিয়াক বাংলাদেশ চৰকাৰে ভাৰত চৰকাৰৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰিছিল ৷ চেতিয়াৰ মুক্তিৰ পিছত বাংলাদেশৰ ঢাকাৰ কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ থকা আন এগৰাকী শীৰ্ষ আলফা নেতায়ো শীঘ্ৰে মুক্তি লাভ কৰি উভতি আহিব বুলি উৎফুল্লিত হৈ পৰিছিল ধুবুৰীৰ গৌৰীপুৰৰ মধুশোলমাৰী দ্বিতীয় খণ্ড গাঁৱৰ এটা পৰিয়াল ৷ কিন্তু পৰিয়ালটোক আশাহত কৰি বৰ্তমানেও অসমলৈ প্ৰত্যাৱৰ্তন নঘটিল আলফা নেতা প্ৰদীপ ৰায় ওৰফে ৰঞ্জন চৌধুৰীৰ ৷ উল্লেখ্য যে ধুবুৰীৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰৈৰ গৌৰীপুৰৰ মধুশোলমাৰী দ্বিতীয় খণ্ড গাঁৱৰ এক সাধাৰণ ৰাজবংশী পৰিয়ালত জন্ম হৈছিল প্ৰদীপ ৰায়ৰ ৷ চাৰি ভাতৃ আৰু এগৰাকী জীয়ৰীৰ সেই পৰিয়ালটোৰ প্ৰদীপ ৰায় হ’ল বৰপুত্ৰ ৷ তেওঁ সৰু থাকোঁতেই মাতৃ সুভদ্ৰা ৰায়ৰ মৃত্যু হোৱাৰ বিপৰীতে বৰপুত্ৰক লগ পোৱাৰ আশাৰে অতি আগ্ৰহেৰে বাট চাই থকা পিতৃ মধুসূদন ৰায়ে ২০০৬ চনতেই পৰলোকলৈ গমন কৰে। ইফালে, ২০১৯ বৰ্ষত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰদীপ ৰায়ৰ সৰু ভাতৃ নাৰায়ণ ৰঞ্জন ৰায়ৰো মৃত্যু হৈছে৷ এসময়ত গৌৰীপুৰৰ এগৰাকী সৰবৰহী যুৱক তথা আছু নেতাৰূপে খ্যাতি থকা প্ৰদীপে পিছত আলফাত যোগ দিছিল আৰু পিছলৈ গৈ সংগঠনটোৰ ধুবুৰী জিলাৰ সম্পাদকৰ দায়িত্বও লভিছিল ৷ ১৯৯৫ চনত ভূটানস্থ আলফা শিবিৰৰ পৰা অনুপ চেতিয়াৰ সৈতে কিবা গোপন আলোচনাত মিলিত হৈ উভতি অহাৰ সময়ত ভাৰতীয় সেনাৰ হাতত কৰায়ত্ত হৈ কাৰাবাসো খাটিছিল তেওঁ। অৱশ্যে পিছত জামিন লাভ কৰি পুনৰ আলফালৈ উভতি গৈছিল প্ৰদীপ ৰায় ৷ চৰ্চিত যে ১৯৯৭ চনত বাংলাদেশৰ ঢাকাত এক গোপন বৈঠকত মিলিত হোৱাৰ পিছত সংগঠনটোৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ নিৰ্দেশ মৰ্মে দেশখনৰ শ্বেৰপুৰৰ কোনো এক গোপন স্থানত সংগঠনটোৰ নতুন সদস্যসকলক অস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ দায়িত্ব লভিছিল এইগৰাকী আলফা নেতাই ৷ জানিব পৰা অনুসৰি, ২০১০ চনৰ ১৭ জুলাইত আৰ এ বি নাইন নামৰ বাংলাদেশ আৰক্ষীৰ ৰেপিড একচন কমাণ্ডো বাহিনীৰ জালত পৰিছিল প্ৰদীপ ৰায় ওৰফে ৰঞ্জন চৌধুৰী৷ দেশখনৰ শ্বেৰপুৰ জিলাৰ বাঁকুৰা নামৰ গাঁওখনত অকস্মাতে অভিযান চলাই বাংলাদেশৰ আৰক্ষীৰ কমাণ্ডো বাহিনীয়ে প্ৰদীপ ৰায়সহ প্ৰদীপ মাৰাক নামৰ আলফাৰ এগৰাকী যোগাযোগকাৰীকো কৰায়ত্ত কৰিছিল ৷ দুয়োগৰাকীৰ পৰা চাৰি ৰাউণ্ড গুলীসহ দুটা পিষ্টল আৰু চাৰিটা হস্তনিৰ্মিত বোমাকে ধৰি বোমা নিৰ্মাণৰ সামগ্ৰী উদ্ধাৰ হোৱা বুলি দাবী কৰিছিল দেশখনৰ আৰক্ষীয়ে৷ ধৰা পৰাৰ পিছত ঢাকাস্থ কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় ৭ বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছিল দুয়ো আৰু পিছলৈ গৈ ২০১৭ চনৰ ৮ এপ্ৰিলৰ দিনা বাংলাদেশৰ কিশোৰগঞ্জৰ বিশেষ আদালতে ধৃত প্ৰদীপ ৰায়সহ তেওঁৰ সহযোগী প্ৰদীপ মাৰাকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল৷ প্ৰাপ্ত তথ্য অনুসৰি, ২০১৯ চনতেই প্ৰদীপ ৰায়ৰ তৃতীয় ভাতৃ প্ৰয়াত নাৰায়ণ ৰঞ্জন ৰায়ক ডাকযোগে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয়ে এখন পত্ৰ প্ৰেৰণ কৰি প্ৰদীপ ৰায় আৰু প্ৰদীপ মাৰাক একেগৰাকী ব্যক্তি হয় নে নহয়, সেয়া নিশ্চিত কৰিবলৈ আলোকচিত্ৰসহ ৰায়ৰ সবিশেষ ই-মেইলযোগে পঠিয়াবলৈ কৈছিল৷ জানিব পৰা অনুসৰি, শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ পূৰ্বে ২০১৯ বৰ্ষৰ ১৯ জুনৰ দিনা বিচৰা মতে ককায়েকৰ সবিশেষ বিদেশ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছিল প্ৰয়াত নাৰায়ণ ৰঞ্জন ৰায়ে ৷ অৱশ্যে ঢাকাৰ কেন্দ্রীয় কাৰাগাৰত কাৰাবাস খাটি থকা প্ৰদীপ ৰায়ে ইতিমধ্যে মুক্ত আকাশৰ তললৈ ওলাই আহিছে নে নাই, সেয়া নিশ্চিত নহয় যদিও আলফা আৰু ভাৰত চৰকাৰৰ মাজত হ’বলগীয়া শান্তি চুক্তিক লৈ আলফা আৰু ভাৰত চৰকাৰৰ মাজত চলি থকা আলোচনাত উক্ত আলফা নেতাগৰাকীৰ বিষয়টোৱে স্থান পোৱাটো বিচাৰিছে তেওঁৰ বহু শুভাকাংক্ষীয়ে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী