নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ’লে সমষ্টি পুনৰ নিৰ্ধাৰণত আপত্তি নাই যুৱ–ছাত্র পৰিষদৰ

🔴 অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বিৰোধী নহয় 

🔴 সমষ্টি পুনৰ নিৰ্ধাৰণত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ’বই লাগিব

🔴 লাহোৱাল-আমগুৰি সমষ্টি বিলুপ্ত নকৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান

বিশেষ বাৰ্তা, ১৪ জুলাই : ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নির্ধাৰণ কৰি ৰাষ্ট্রীয় নির্বাচন আয়োগে প্রকাশ কৰা খচৰা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ৷ এটা বিবৃতিত জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁয়ে কয় যে ২০০১ চনৰ লোকপিয়লক আধাৰ হিচাপে লৈ সমষ্টি পুনৰ নির্ধাৰণ কৰিলে যদিহে সাংবিধানিকভাৱে অসমৰ খিলঞ্জীয়া লোকক সুৰক্ষিত কৰাৰ নিশ্চয়তা থাকে, তেনে ক্ষেত্রত তেওঁলোকৰ দ্বিমত নাথাকিব ৷ ৰাজ্যৰ সমষ্টি পুনৰ নির্ধাৰণ কৰাত যুৱ পৰিষদ কেতিয়াও বিৰোধী নহয় বুলি উল্লেখ কৰি তেওঁলোকে এইবুলিও স্পষ্ট কৰে যে সমষ্টি পুনৰ নির্ধাৰণৰ জৰিয়তে অসমৰ থলুৱা–খিলঞ্জীয়া লোকৰ স্বার্থ সুৰক্ষিত হ’বই লাগিব৷ বিবৃতিত চাংমাই আৰু বৰগোহাঁয়ে কয়– ‘অসমত সমষ্টি পুনৰ নির্ধাৰণৰ বাবে ভাৰতৰ নির্বাচন আয়োগে প্রাৰম্ভিক কাম–কাজ আৰম্ভ কৰা দিনতেই অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে নিজৰ স্থিতি প্রকাশ কৰিছে৷ নির্বাচন আয়োগে অসমত সমষ্টিৰ সংখ্যা বৃদ্ধি নকৰাকৈ কিছু সমষ্টি কর্তন কৰি নতুন সমষ্টি সৃষ্টি কৰিছে৷ সমষ্টি পুনৰ নির্ধাৰণৰ খচৰাত উজনি অসমত চিচিবৰগাঁও, মাকুম আৰু ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি কৰাটো সমর্থনযোগ্য৷ একেদৰে খিলঞ্জীয়া অধ্যুষিত নামনি অসম আৰু বিটিচি এলেকাত নতুন সমষ্টি সৃষ্টি কৰাটোত খিলঞ্জীয়া লোকৰ স্বার্থত থাকিলেও আন কিছু সমষ্টিৰ কেৱল নাম সলনি কৰিছে অথবা কিছু সমষ্টিত পৰিসৰ কর্তন কৰি বেলেগ সমষ্টিত সন্নিৱিষ্ট কৰিছে৷ প্রকৃততে সমষ্টিৰ সংখ্যা বৃদ্ধি নকৰি কেৱল সমষ্টিৰ নাম সলনি কৰিলে অথবা সমষ্টি কর্তন কৰি নতুন সমষ্টি সৃষ্টি কৰিলে খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষিত নহয়৷’ একেদৰে খিলঞ্জীয়াৰ প্রভুত্ব থকা সমষ্টিৰ বিলুপ্তি ঘটাই নতুনকৈ খিলঞ্জীয়াৰ প্রভুত্ব থকা সমষ্টি সৃষ্টি কৰিলে খিলঞ্জীয়া লোকসকলৰ বিশেষ লাভালাভ নহ’ব বুলি উল্লেখ কৰি তেওঁলোকে ডিব্রুগড় জিলাৰ লাহোৱাল আৰু শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টি বিলুপ্তি নকৰিবলৈ আহ্বান জনাইছে৷ এই প্রসংগত তেওঁলোকে পুনৰ কয়– ‘ডিব্রুগড় জিলাৰ লাহোৱাল আৰু শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টি খিলঞ্জীয়াৰ প্রভুত্ব থকা সমষ্টি৷ সেই সমষ্টি দুটাৰ কর্তনে খিলঞ্জীয়া লোকক লাভান্বিত নকৰে৷ সেয়েহে যুৱ–ছাত্র পৰিষদে লাহোৱাল আৰু আমগুৰি সমষ্টি দুটা বিলুপ্তি নকৰিবলৈ নির্বাচন আয়োগক আহ্বান জনাইছে৷ এই বিষয়সমূহত ভাৰতৰ নির্বাচন আয়োগে গুৰুত্ব দিয়া উচিত৷’ ইতিমধ্যে এই বিষয়সমূহ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই যুৱ–ছাত্র পৰিষদৰ তৰফৰ পৰা ভাৰতৰ নির্বাচন আয়োগলৈ স্মাৰক–পত্র প্রেৰণ কৰা হৈছে বুলিও চাংমাই আৰু বৰগোহাঁয়ে সদৰী কৰে৷

You might also like