নিয়মীয়া বাৰ্তা, ২০ মে’ : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বটালিমাৰী গাঁৱত দুবছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পিছতো পকী দলঙেৰে সুচল যাতায়াতৰ পৰা বঞ্চিত ৰাইজ। ২নং বটালিমাৰী গাঁৱত লালি বিলৰ ওপৰত দুবছৰ পূৰ্বে নিৰ্মাণ কৰিছিল এখন পকী দলং। স্থানীয় কেইবাখনো গাঁৱৰ সৰ্বসাধাৰণৰ সপোন আছিল নিৰ্মাণ হোৱাৰ পিছত পকী দলঙেৰে যাতায়াত কৰিব। কিন্তু গাঁওবাসীৰ সেই সপোন দুবছৰ পিছতো পূৰ্ণ নহ’ল। নিৰ্মাণৰ দায়িত্ব পোৱা ঠিকাদাৰজনে কেৱল দলংখন পকী কৰিয়েই দায়িত্ব সামৰি একপ্ৰকাৰ পলায়ন কৰা বুলি স্হানীয় ৰাইজে অভিযোগ কৰিছে । কিয়নো পকী দলঙৰ দুয়ো মূৰ মাটি পূৰণ নকৰাত দুবছৰ পিছতো দলঙেৰে যাতায়াত কৰিব নোৱাৰে গাঁওবাসীয়ে। বিগত দুবছৰ ধৰি বিপদসংকুলভাৱে গাঁওবাসীয়ে যাতায়াত কৰি আছে। এজাক বৰষুণ আহিলে পকী দলংখনত খোজকাঢ়িও উঠিব নোৱাৰে। মৰিগাঁও জিলা লোকনিৰ্মাণ বিভাগৰ হেমাহিৰ বাবেই এইদৰে দলংখনেৰে যাতায়াত কৰিব নোৱাৰে। সাধাৰণ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীয়েও যাতায়াত কৰিব নোৱাৰে। আনহাতে, ৰোগীৰ বাবে এম্বুলেঞ্চ পৰ্যন্ত গাঁওখনত সোমাব নোৱাৰে। স্হানীয় ৰাইজে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো জিলা লোকনিৰ্মাণ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে। স্থানীয় ৰাইজে এইক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে।
প্ৰেৰক আবুল কালাম