নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ মালিবাৰীত জলজলী নৈৰ ওপৰত নহ’ল স্থায়ী পকী দলং

🔹 টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : কামৰূপৰ মালিবাৰী-পুৰাণ মালীবাৰী সংযোগী জলজলী নৈৰ ওপৰত স্বাধীনতৰ সাত দশকৰ পাছতো আজিলৈকে হৈ নুঠিল স্থায়ী পকী দলং, যাৰ বাবে দীৰ্ঘদিনৰ পৰা অৰ্ধশতাধিক গাঁৱৰ কেইবাসহস্ৰ লোকে মৰণত শৰণ কৰি নিতৌ বিপদজ্জনকভাৱে আহ-যাহ কৰিবলগীয়া হৈছে টুলুঙা নাৱেৰে ৷ যিকোনো সময়তে ভয়ংকৰ বিপদৰ আশংকা কৰিছে অঞ্চলবাসী ৰাইজে ৷ স্থানীয় ৰাইজে জনোৱা মতে, নগৰবেৰাৰ মালিবাৰী-পুৰাণ মালিবাৰী সংযোগী পথৰ জলজলী নৈৰ ওপৰত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট বিভাগ, স্থানীয় বিধায়িকা নন্দিতা দাস, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাক ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন জনায় যদিও আজিলৈকে উক্ত স্থানত হৈ নুঠিল স্থায়ী পকী দলং, যাৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ দলং এখন নথকাত সৰ্বসাধাৰণ ৰাইজে দীৰ্ঘদিনৰে পৰা অতি বিপজ্জনকভাৱে টুলুঙা নাৱেৰে বাইক-চাইকেল আদিৰ উপৰি ৰাইজ, স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে আহ-যাহ কৰিবলগীয়া হৈছে যদিও আজিলৈকে ৰজাঘৰীয়াৰ কোনো সুদৃষ্টি নপৰিল অঞ্চলটোত ৷ একমাত্ৰ দলংখন নথকাৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ স্বাস্থ্য বিভাগৰ এম্বুলেন্স আদিও সোমাব নোৱাৰাত সময়ে সময়ে ৰোগীৰো অবৰ্ণনীয় আলাই-আথানি হয় | যাৰ বাবে উপায়হীন হৈ ৰুগীয়া লোকসকলে ঠেলাগাড়ী, সাঙীৰে ৰোগী কিম্বা গৰ্ভৱতী মহিলাক পুৰাণ মালিবাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিবলগীয়া হয় ৷ দলংখনৰ বাবে বছৰে বছৰে স্থানীয় ৰাইজ, স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে নৈৰ পাৰত একাধিকবাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে যদিও কোনেও কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰিলে ৷ উপায়হীন হৈ টুলুঙা নাৱেৰে আহ-যাহ কৰোঁতে একাধিকবাৰ উক্ত স্থানত ভয়ংকৰ নাও দুৰ্ঘটনাও সংঘটিত হয় ৷ শীঘ্ৰে উক্ত স্থানত মালিবাৰী-পুৰাণ মালিবাৰী সংযোগী জলজলী নৈৰ ওপৰত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক নগৰবেৰাৰ মালিবাৰীকে ধৰি অৰ্ধশতাধিক গাঁৱৰ ৰাইজে  কাতৰ আহ্বান জনাইছে ৷ উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে উক্ত স্থানত স্থায়ী পকী দলং নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে লোকসভা নিৰ্বাচনত অঞ্চলবাসী ৰাইজে ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like