🔹 বন্ধ মধ্যাহ্ন ভোজন-পাঠদানতো জটিলতা : ব্যৱস্থা গ্ৰহণৰ দাবী
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী : কামৰূপ (গ্ৰাম্য) জিলাৰ শিক্ষা বিষয়া আৰু চমৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়াৰ অবিবেচকী, হঠকাৰী কৰ্মকাণ্ডই শেহতীয়াকৈ নগৰবেৰা অঞ্চলৰ সচেতন ৰাইজক হতবাক কৰি তুলিছে । ছমৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত নগৰবেৰাস্থিত পিজুপাৰা ভাটিপাৰা প্ৰাথমিক বিদ্যালয়খন বিগত তিনি মাহে প্ৰধান শিক্ষক অবিহনেই চলি আছে ৷ উক্ত বিদ্যালয়খনত প্ৰধান শিক্ষয়িত্ৰীসহিতে মুঠ দুগৰাকী শিক্ষয়িত্ৰীয়ে ইমানদিনে পাঠদান কৰি কোনোমতে জোৰা-টাপলি মাৰি চলাই আছিল যদিও তিনি মাহ পূৰ্বে বিদ্যালয়ৰখনৰ পৰা প্ৰধান শিক্ষয়িত্ৰীগৰাকী বদলি হৈ আন ঠাইলৈ যোৱাত আজিকোপতি কোনো প্ৰধান শিক্ষক মকৰল কৰা হোৱা নাই৷ আনকি প্ৰধান শিক্ষকৰ কাৰ্যভাৰো বিভাগীয় কৰ্তৃপক্ষই বাকী সহ: শিক্ষয়িত্ৰীগৰাকীকো দিয়া নাই | তেনেস্থলত বিদ্যালয়খনৰ প্ৰশাসনিক আৰু বিত্তীয় দিশত স্থবিৰতা আহি পৰিছে ৷ মধ্যাহ্ন ভোজন বন্ধ হৈ আছে আৰু আন্তঃগাঁথনি উন্নয়নৰ কাম বাধাগ্ৰস্ত হৈ পৰিছে ৷ তাৰ মাজতে বিদ্যালয়খনত গুণোৎসৱৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচী বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰধান শিক্ষক অবিহনেই পাৰ কৰাই দিবলগীয়া হৈছে ৷ বিদ্যালয়খনৰ লগতে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সম্পৰ্কে এতিয়া সচেতন ৰাইজ চিন্তান্বিত ৷ সেয়ে এই অঞ্চলটোৰ ৰাইজে পিজুপাৰা ভাটিপাৰা প্ৰাথমিক বিদ্যালয়ত এজন প্ৰধান শিক্ষক নিযুক্তি দি বিদ্যালয়খনত উদ্ভৱ হোৱা প্ৰশাসনীয় আৰু বিত্তীয় স্হবিৰতাৰ অৱসান ঘটাই দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি আশাৰে বাট চাইছে ৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস