🔹 স্পষ্ট কৰি দিলে মুখ্যমন্ত্রীয়ে
🔹 ৰকিবুলৰ ফাইল পলিটিক্সক লৈ প্রতিক্রিয়া– ‘এইবোৰ পুৰণি ষ্টাইল’
বিশেষ বাৰ্তা, ৮ ডিচেম্বৰ : গো–মাংসকেন্দ্রিক বিতর্কৰ মাজতে একাংশই গাহৰি নিষিদ্ধ কৰিবলৈ তোলা দাবী সন্দর্ভত ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটী বিশ্ববিদ্যালয়ত এক অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত বিষয়টো উনুকিয়াই দিয়াত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গাহৰি মাংস বন্ধ কৰাৰ কোনো প্রশ্ণই নাই৷ আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱস্থা হওক৷ তাৰ বাবে চৰকাৰে আঁচনিহে দি আছোঁ৷ কাৰণ, ই এটা অর্থনীতি৷ কোনোবা ল’ৰা–ছোৱালীয়ে যদি গাহৰি পালন কৰিব খোজে, তাৰ বাবে অহা বাজেটত আমি আৰু ভাল আঁচনি দিব গৈ আছোঁ৷ গতিকে গাহৰি বন্ধ কৰাৰ কথাই নাহে৷ কোনো ধর্মত গাহৰিকতো মা বুলি কৈ যোৱা নাই৷ যদি গাহৰি বন্ধ কৰিব লাগে, তেন্তে ছাগলীও বন্ধ কৰিব লাগিব৷ সেয়া আন এটা বিতর্ক হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷
ৰকিবুলৰ ফাইল পলিটিক্সক লৈ প্রতিক্রিয়া
কংগ্রেছ সাংসদ ৰকিবুল হুছেইনে আৰম্ভ কৰা ফাইলৰ ৰাজনীতিক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ধুবুৰীৰ সাংসদগৰাকীক পৰিপক্ব ৰাজনীতি কৰাৰ বাবেও আহ্বান জনালে মুখ্যমন্ত্রীয়ে৷ উল্লেখ্য যে শেহতীয়াকৈ ৰকিবুল হুছেইনে এটা ফাইল ৰাজহুৱাভাৱে প্রকাশ কৰাৰ ভাবুকিৰে চৰকাৰ তথা মুখ্যমন্ত্রীক উদ্দেশ্যি যথেষ্ট আক্রমণাত্মক স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ চামগুৰি সমষ্টিত পুত্রৰ পৰাজয়ৰ পাছতে একপ্রকাৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে আক্রমণাত্মক হৈ থকা সাংসদ ৰকিবুল হুছেইনৰ শেহতীয়া ফাইল পলিটিক্সক তীব্র কটাক্ষ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীৰ মন্তব্য– অখিল গগৈয়েও ফাইল দেখুৱাইছিল, কিন্তু একো নহ’ল৷ মুখ্যমন্ত্রী ড০ শর্মাই কয়– মই ভাবোঁ যে মানুহৰ যেতিয়া বয়স বৃদ্ধি হয়, তেতিয়া আচাৰ–ব্যৱহাৰ, চাল–চলন পৰিৱর্তন হ’ব লাগে৷ এইবিলাক কাম ২০০৯ চনত অখিল গগৈয়ে কৰিছিল, তেতিয়া তেওঁৰ বয়স কম আছিল৷ সেই সময়ত একাংশ সংবাদ প্রতিষ্ঠানো নতুন হৈ থকা বাবেই অখিল গগৈৰ তেনে কামবোৰক যথেষ্ট প্রচাৰ দিছিল৷ অখিল গগৈয়েও সেই সময়ত ফাইল লৈ ঘূৰি ফুৰিছিল৷ কিন্তু পিছত একো নহ’ল৷ গতিকে মই ভাবোঁ যে ৰকিবুল হুছেইন বা মই, আমি যিটো বয়সত আছোঁ এতিয়া এনেধৰণে ফাইল দেখুৱাই একো লাভ নাই৷ যি কাম ১০ বছৰ আগতে অখিল গগৈয়ে কৰিছিল, ১০ বছৰ পিছত আমি কৰিলে কিমান ভাল দেখি, বেয়া দেখি সেয়া নিজেই চিন্তা কৰাৰ প্রয়োজন৷ সকলো কথাতে ৰাজনীতি কৰি থাকিলে মানুহে ভাল নাপায়৷ নির্বাচন গ’ল, এতিয়া ৰাইজৰ কাম কৰিব লাগে৷ ২০০৯–১০ চনতে অখিল গগৈয়ে কৰা কামটো এতিয়া ৰকিবুল হুছেইনে কৰিবলৈ ওলোৱাটো পুৰণি ষ্টাইল৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ এটা সেউজীয়া ফাইল সংবাদ মাধ্যমৰ আগত দাঙি ধৰি ৰকিবুল হুছেইনে ফাইলটোৰ ভিতৰত বহু বিস্ফোৰক তথ্য আছে বুলি মন্তব্য কৰি আছে যদিও ইয়াক ৰাজহুৱা কৰিবলৈ সক্ষম হোৱা নাই৷ এই ফাইলৰ জৰিয়তে ৰকিবুল হুছেইনে ব্লেকমেইল কৰা বুলিও মন্তব্য কৰিলে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই৷ আনকি ৰঞ্জিত দাসে এই সন্দর্ভত কয় যে সাংসদ এগৰাকীয়ে এনেদৰে ভাবুকি প্রদান কৰাটো দুর্ভাগ্যজনক৷ যদি তেওঁৰ ফাইলত কিবা আছে, তেন্তে তাক ৰাজহুৱা কৰক৷ তাৰ বিপৰীতে ফাইলটো লৈ তেওঁ ব্লেকমেইলিংহে কৰি আছে৷