৫ দিনেও পোহৰলৈ নাহিল ধুবুৰীৰ কাৰাগাৰ কাণ্ডৰ প্ৰতিবেদন
নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ প্ৰায় ৫ দিন উকলিবৰ হ’ল যদিও বৰ্তমানলৈ ৰাজহুৱা নহ’ল ধুবুৰী কাৰাগাৰ কাণ্ডৰ প্ৰতিবেদন। আনকি, ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীৰ বিৰূদ্ধে কাৰাগাৰটোৰ এগৰাকী মহিলা ৱাৰ্ডেনে মানসিক আৰু শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ সন্দৰ্ভত ধুবুৰী আৰক্ষীৰ অনুসন্ধানত কি ওলাল সেয়াও এতিয়ালৈ স্পষ্ট নহ’ল। উল্লেখ্যে যে, বিগত ৩ ডিচেম্বৰৰ দিনা ধুবুৰী জিলা কাৰাগাৰত কৰ্মৰত এগৰাকী মহিলা ৱাৰ্ডেনে জেলটোৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীয়ে মানসিক আৰু শাৰিৰীক আতিশয্য চলোৱা বুলি উত্থাপিত অভিযোগৰ তদন্ত চলাবলৈ ধুবুৰীলৈ আহিছিল এটা দুজনীয়া তদন্ত কমিটিৰ দল। অসম কাৰাগাৰ সমূহৰ উপ-মহাপৰিদৰ্শক (DIG) গৌতম বৰা আৰু গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ অধীক্ষক (এটাচ) পৰিণীতা বৰুৱাৰ সেই দুজনীয়া দলটোৱে পিছদিনা, অৰ্থাৎ ৪ ডিচেম্বৰৰ দিনা ধুবুৰী জিলা কাৰাগাৰত উপস্থিত হয় সকলো পক্ষৰে ভাষ্য গ্ৰহণ কৰিছিল। পিছত সিদিনা সন্ধিয়াৰ ফালে তদন্ত সামৰাৰ পিছত কাৰাগাৰসমূহৰ উপ-মহাপৰিদৰ্শক গৌতম বৰাইসেই স্থানত উপস্থিত স্থানীয় সংবাদকৰ্মীলকলক তেওঁলোকৰ প্ৰতিবেদন উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব বুলি মন্তব্য কৰিছিল। কিন্তু তদন্ত সামৰাৰ আজি প্ৰায় ৫ দিন উকলিল যদিও ডিআইজি বৰাই প্ৰতিবেদন দাখিল কৰিলে নে অথবা সেই প্ৰতিবেদনখনত কি আছে সেয়া কিন্তু আজিলৈ স্পষ্ট নহ’ল। উল্লেখ্য যে প্ৰায় এমাহৰ পৰা ধুবুৰী কাৰাগাৰৰ এগৰাকী শীৰ্ষ বিষয়া, কয়েদি এজন আৰু সহকৰ্মী এগৰাকীৰ স্বামীৰ মানসিক আৰু শাৰিৰীক অপদস্থৰ বলি হ’বলগীয়া হৈ থকাৰ অভিযোগ উত্থাপিত কৰিছিল ধুবুৰী জিলা কাৰাগাৰৰ এগৰাকী মহিলা ৱাৰ্ডেনে। নিজৰ নিৰাপত্তাক লৈ চৰম অনিশ্চয়তাত ভুগা ভূক্তভোগী সেই বিবাহিত মহিলা গৰাকীয়ে এই মৰ্মে বিগত ২৭ নৱেম্বৰৰ দিনা ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীকে ধৰি সহকৰ্মী তথা আন এগৰাকী মহিলা ৱাৰ্ডেনৰ স্বামী কৃষ্ণ বৰ্মন আৰু জেলৰ এজন কয়েদি মজিবৰ ৰহমানৰ বিৰূদ্ধে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। উক্ত এজহাৰ মৰ্মে ধুবুৰী সদৰ থানাত BNS 75(2)/76/79/332(B)/62/351(3)/3(5) নম্বৰ ধাৰাত ৪৪৬/২৪ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰিছিল আৰক্ষীয়ে। সেই গোচৰটোৰ এজন অভিযুক্ত কৃষ্ণ বৰ্মনক ২৯ নৱেম্বৰৰ দিন গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আনহাতে, ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক ৰাজবংশীৰ বিৰূদ্ধেও তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে। বিগত ১ ডিচেম্বৰৰ দিনালকাৰাগাৰটোৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীক ধুবুৰী সদৰ থানাত দিনৰ প্ৰায় ১১টা মান বজাৰ বিয়লি ৫-৩৫ টা মান বজাত উপৰ্যুপৰি জেলা চলোৱাৰ পিছত যাবলৈ দিছিল আৰক্ষীয়ে। অৱশ্যে ৰাজবংশীক চলোৱা জেৰাত কি উন্মোচিত হ’ল সেয়ালৈ বৰ্তমানেও আনুষ্ঠানিকভাবে একো জনোৱাৰ পৰা বিৰত আছে। ইয়াতে উল্লেখযোগ্য যে, বিগত ৩০ নৱেম্বৰৰ দিনা ধুবুৰী জিলা কাৰাগাৰ কাণ্ডৰ চৰজমিন তদন্ত কৰিবলৈ আহিছিল অসম ৰাজ্যিক মহিলা আয়োগৰ দুজনীয়া এটি দলো। আয়োগৰ উপাধ্যক্ষা নীলিমা দেৱী আৰু সদস্যা পৰমী দাসৰ সেই দলটোৱে সিদিনা নিশা ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা আৰক্ষী আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াবৰ্গকে ধৰি ভূক্তভোগী মহিলাগৰাকীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হৈছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী