নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ভেকচিনক লৈ বিয়পা উৰা বাতৰিৰ কোনো বাস্তৱ সত্যতা নাইঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰী: প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড ভেকচিন প্রদানৰ শুভাৰম্ভ কৰাৰ পাছতেই আজিৰ দিনটো দেশবাসীৰ বাবে পৰিগণিত হ’ল এক বিৰল ঐতিহাসিক ক্ষণ হিচাপে৷ এই ঐতিহাসিক ক্ষণত উপস্থিত থাকিবলৈ পাই আমি সকলো গৌৰৱান্বিত৷ –ডিব্রুগড়ত শনিবাৰে ক’ভিড–১৯ৰ টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰি এইদৰে মন্তব্য কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ তেওঁ কয়– সমগ্র ভাৰতবর্ষৰ বাবে আজিৰ দিনটো অত্যন্ত গৌৰৱৰ দিন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আত্মনির্ভৰ ভাৰত গঢ়াৰ দিশত সকলোকে নিষ্ঠা সহকাৰে বৰঙণি আগবঢ়াবলৈ যি আহ্বান জনাইছিল, সেই আহ্বানৰ ফল আমি লাভ কৰিছোঁ৷ সকলো দিশতে আত্মনির্ভৰ হোৱা বাবে ভাৰতবাসীয়ে আজি এখোজ আগবাঢ়ি যাবলৈ সক্ষম হ’ল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবল নেতৃত্বত আজি ভাৰতীয় বিজ্ঞানীয়ে এই ক’ভিড ভেকচিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেই ভেকচিন প্রদানৰ কাম সমগ্র দেশত শুভাৰম্ভ হৈছে৷ মুখ্যমন্ত্রী সোণোৱালে এই বলিষ্ঠ পদক্ষেপৰ বাবে প্রধানমন্ত্রী মোদীক অসমৰ জনসাধাৰণৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে অসমৰ জনসাধাৰণে সমগ্র টিকাকৰণ প্রক্রিয়াটোলৈ আন্তৰিক সহায়–সহযোগিতা আগবঢ়াব বুলিও তেওঁ আশা প্রকাশ কৰে৷

আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শনিবাৰে ক’ৰোনা ভেকচিন প্রদান অনুষ্ঠানৰ শুভাৰম্ভ কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– এয়া হ’ল মানৱ জাতিৰ বাবে, ভাৰতবাসীৰ বাবে সফল মুহূর্ত, গৌৰৱৰ মুহূর্ত৷ দেশবাসীৰ বাবে আজি এক আনন্দৰ দিন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী তথা কেন্দ্রীয় চৰকাৰক স্বাস্থ্য বিভাগৰ হৈ ধন্যবাদ জ্ঞাপন কৰি মন্ত্রীগৰাকীয়ে কয়–  দেশজুৰি প্রদান কৰিব লগা ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন দুয়োটা ভেকচিনেই ভাৰতত প্রস্তুত কৰা হৈছে৷ পৃথিৱীৰ আগশাৰীৰ দেশসমূহক পৰাজিত কৰি মানৱ কল্যাণৰ বাবে ভাৰতে কি ধৰণে বৰঙণি আগবঢ়াব পাৰে, সেয়া কার্যক্ষেত্রত আজি প্রতিফলিত হ’ল৷ আমাৰ সভ্যতাৰ এক পৰম্পৰা আছিল যে মানৱ জাতিৰ কল্যাণৰ বাবে ভাৰত অদ্বিতীয় হ’ব, ভাৰত আগত থাকিব৷ সেই পৰম্পৰা পুনৰ এবাৰ সত্যত পৰিণত কৰিছে থলুৱাভাৱে প্রস্তুত কৰা এই ভেকচিন প্রদানৰ জৰিয়তে৷ আজিৰ দিনটো আমাৰ বাবে এক বিৰল মুহূর্ত, পৱিত্র মুহূর্ত আৰু মংগলময় মুহূর্ত৷

মন্ত্রীগৰাকীয়ে কয়– যি সময়ত ক’ৰোনা মহামাৰীয়ে সমগ্র দেশৰ লগতে অসমকো ছানি ধৰিছিল, সেই সময়ত আমাৰ মাজত এই ভাইৰাছ পৰীক্ষাৰ বাবে নাছিল কোনো লেব, নাছিল কোনো প্রস্তুতি৷ আনকি আক্রান্ত ৰোগীক চিনাক্ত কৰিবলৈও আমাৰ ওচৰত নাছিল পি পি ই কিট আৰু অন্যান্য সামগ্রীসমূহ৷ কিন্তু ইয়াৰ পাছতো এজাক আত্মবিশ্বাসী আৰু সাহসী চিকিৎসা কর্মীৰ সহযোগত এই ৰোগৰ বিৰুদ্ধে আমি যুঁজ দিবলৈ সক্ষম হৈছিলোঁ৷ পৰৱর্তী সময়ত পৰিস্থিতি কিছু নিয়ন্ত্রণলৈ অহাৰ পাছত ক’ভিড আক্রান্ত চিকিৎসকসকল সুস্থ হৈ পুনৰ চিকিৎসালয়লৈ আহি চিকিৎসা প্রদান কৰিলে৷ সেয়াই নহয়, প্লাজমা দানেৰে আন ৰোগীক সুস্থ কৰি তোলাতো সহযোগিতা আগবঢ়ালে৷ প্রতিজন ভাৰতীয়ৰ বাবে আজিৰ দিনটো গৌৰৱৰ দিন৷ আমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া, চীন আৰু ইউনাইটেড কিংডম এই চাৰিখন দেশৰ পাছত ভাৰতে থলুৱাভাৱে ভেকচিন প্রস্তুত কৰি মানৱ জাতিৰ কল্যাণৰ বাবে যি পদক্ষেপ আগবঢ়ালে, সেয়া নিশ্চিতভাৱে এক বৃহৎ উপহাৰ৷ মন্ত্রীগৰাকীয়ে অহা ব’হাগ বিহুৰ পূর্বে ৰাজ্যত তিনি লাখ চিকিৎসা কর্মী তথা ক’ৰোনা যুদ্ধৰ আগশাৰীৰ যোদ্ধাক ভেকচিন প্রদান কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে৷

মন্ত্রীগৰাকীয়ে আজি ইয়াকো কয় যে আগন্তুক বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি নির্বাচনৰ লগত জড়িত বিষয়া–কর্মচাৰীক ক’ৰোনা ভেকচিন প্রদান কৰিবলৈ ইতিমধ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ক অনুৰোধ জনোৱা হৈছে৷ ইফালে ক’ৰোনা ভেকচিনক কেন্দ্র কৰি বিয়পা উৰাবাতৰিৰ কোনো বাস্তৱ সত্যতা নাই বুলি স্পষ্ট কৰি দিয়ে স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ক’ভিড–১৯ৰ সময়তো বহু উৰাবাতৰি ওলাইছিল৷ এনেধৰণৰ কথাই বহু মনোকষ্ট দিছিল৷ ক’ভিড–১৯ৰ যুদ্ধখনক এটা পর্যায়ত স্তিমিত কৰি পেলাইছিল, এনে এটা পর্যায় আহিছিল যে আমি যেন হাত উঠাই বহি দিম, আমি যেন হাৰি যাম৷ তেনে এটা মুহূর্তলৈ তেওঁলোকে উৰাবাতৰিবোৰ লৈ গৈছিল৷ কিন্তু পৰৱর্তী সময়ত ৰাইজে ক’ভিডৰ লগত জড়িত সকলো বিষয় স্পষ্টকৈ বুজি পালে৷ আজি অসমৰ চিকিৎসা জগতৰ খ্যাতনামা চিকিৎসকসকলে নিজেই ক’ভিড ভেকচিন লৈ প্রমাণ কৰি দিলে যে কোনো এটা উৰাবাতৰিৰ বাস্তৱ সত্যতা নাই৷ এই ভেকচিন সম্পূর্ণভাৱে সুৰক্ষিত৷ এই ভেকচিন মানৱ কল্যাণৰ বাবে নির্মিত৷

স্বাস্থ্যমন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে প্রথমে অসমত তিনি লাখ লোকে ভেকচিন পাব৷ ১.৯ লাখ স্বাস্থ্যকর্মীক ভেকচিন প্রদানৰ পাছত দ্বিতীয় পর্যায়ত আৰক্ষী, চাফাই কর্মী আৰু অগ্ণিনির্বাপক বাহিনীৰ লোকক লৈ প্রায় এক লাখ লোকক ভেকচিন দিয়া হ’ব৷ পৰৱর্তী পর্যায়ত ৫০ বছৰৰ ঊর্ধ্বৰ ব্যক্তিসকলক ভেকচিন দিয়াৰ প্রচেষ্টা আৰম্ভ হ’ব৷ আনহাতে, সাধাৰণ লোকক ভেকচিন কেতিয়া প্রদান কৰা হ’ব, সেয়া কেন্দ্রীয় চৰকাৰে চূড়ান্ত কৰিব৷ আনহাতে, তেওঁ কয়– ক’ভিড ভেকচিনৰ দুয়োটা ড’জ একেটা কোম্পানীৰ হ’ব লাগিব৷ ১৮ বছৰৰ অনূর্ধ্বৰ ব্যক্তি, গর্ভৱতী মহিলা আৰু প্রসূতি মাতৃক এই ভেকচিন দিয়া নহ’ব৷ এলার্জীৰ সমস্যা থকা লোককো ক’ভিড ভেকচিন দিয়া নহ’ব৷

You might also like