অসমৰ তিনিচুকীয়াত আছে পাকিস্তানী নাগৰিক
🔹 ডিব্রুগড়ত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মা
বিশেষ বার্তা, ২৮ এপ্রিল : অসমত এজনেই পাকিস্তানী নাগৰিক আছে৷–এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি ডিব্রুগড়ত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পাকিস্তানী মহিলাগৰাকী বৈবাহিক সূত্রে তিনিচুকীয়াত আছে৷ তিনিচুকীয়াত তেওঁ বিয়া হৈছে৷ তেওঁ চৰকাৰৰ পৰা দীঘলীয়া ভিছা বিচাৰিছে৷ এতিয়া তেওঁক ওভতাই পঠিয়াম নে নাই, সেই সম্পর্কত ভাৰত চৰকাৰৰ পৰা পৰামর্শ বিচাৰিছোঁ৷
আনহাতে, ভাৰতে বাংলাদেশৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্রহণৰ পোষকতা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবোৰ কৌশলগতভাৱে সিদ্ধান্ত লোৱা উচিত৷ আমি এটা পইণ্টৰ বাহিৰলৈ যোৱা উচিত নহয়৷ এজন মুখ্যমন্ত্রী হিচাপে আমি অনুৰোধ কৰিব পাৰোঁ৷ কিন্তু সিদ্ধান্ত ভাৰত চৰকাৰে ল’ব৷