নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“মানৱ জীৱনত শান্তি আৰু প্ৰশান্তি, দুয়োটা দিশেই থাকেঃ” মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ বিশিষ্ট সমাজকৰ্মী , অভিনেতা, প্ৰবীণ ৰাজনীতিবিদ তথা জেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ প্ৰয়াত পিতৃ ফণীন্দ্ৰ কুমাৰ চৌধুৰীৰ সোঁ‌ৱৰণত প্ৰকাশিত গ্ৰন্থ উন্মোচন কৰি ৰাজ্যৰ জেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিত কুমাৰ দাসে নিজৰ ভাষণ প্ৰসংগত কয় যে , ‘মানৱ জীৱনত শান্তি আৰু প্ৰশান্তি,দুয়োটা দিশেই থাকে।এক সাংস্কৃতিক ঐতিহ্য সম্পন্ন পৰিয়ালৰ গৌৰৱময় ঐতিহ্য বহন কৰি অহা ফণীন্দ্ৰ কুমাৰ চৌধুৰীয়ে কিন্তু কেৱল শান্তি প্ৰাপ্তিৰ লক্ষ্যেৰে কেৱল দৌৰা নাছিল।বহুতেই শান্তি লাভৰ নামত লাহ- বিলাহৰ সামগ্ৰী আহৰণৰ পিছত দৌৰি জীৱনৰ বহু মূল্যৱান সময় অবাবতে ক্ষয় নিয়ায়।প্ৰয়াত ফণীন্দ্ৰ কুমাৰ চৌধুৰী কিন্তু আছিল এইক্ষেত্ৰত ব্যতিক্ৰম।জীবিত কালত শান্তি নহয়,বৰঞ্চ প্ৰশান্তি প্ৰাপ্তিৰ লক্ষ্যেৰেহে তেওঁ আগবাঢ়িছিল।বিভিন্ন সমাজহিতৈষী আৰু সাংস্কৃতিক কৰ্মকাণ্ডৰে সমাজত এক প্ৰশান্তিৰ বীজ ৰোপনতহে তেওঁ ব্যস্ত আছিল।তেওঁ বিচাৰিছিল,তেওঁ ৰোপণ কৰা শান্তিৰ বকুলজোপাৰ সু শীতল ছাঁত ৰৌদ্ৰস্নাত বতৰত ঘৰ্মাক্ত,ভাগৰুৱা পথিকে অকণমান উশাহ সলাই জিৰণি লওক।এয়া আছিল প্ৰয়াত চৌধুৰীৰ বিবেকৰ আহ্বান।সমাজত এতিয়াও বহুত কৌটিপতি ব্যক্তি আছে,তেওঁলোকৰ সমাজ জীৱনত একো অবদান নাই।ফণীন্দ্ৰ কুমাৰ চৌধুৰী আছিল ব্যতিক্ৰম।আৰু সেইকাৰণেই তেনে গুণী ব্যক্তি এগৰাকীক স্মৰণ কৰাৰ কাৰণে আজি আমি সৰুপেটাৰ প্ৰয়াত চৌধুৰীৰ বাসগৃহত সমবেত হৈছোহি । মন্ত্ৰীগৰাকীয়ে আজি স্থানীয় বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিৰিঞ্চি কুমাৰ দাসৰ সভাপতিত্বত যোৱা ১৭ ফেব্ৰুৱাৰীত দেহাৱসান ঘটা বৃহত্তৰ সৰুপেটা অঞ্চলৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ বহুমূলীয়া অবদান আগবঢ়োৱা এগৰাকী ব্যক্তি ফণীন্দ্ৰ কুমাৰ চৌধুৰীৰ বিয়োগত অনুষ্ঠিত স্মৃতিচাৰণ সভাত উপস্থিত থাকি প্ৰয়াত চৌধুৰীৰ সোৱৰণত কাশ্যপ চৌধুৰী সম্পাদিত ‘সমাজহিতৈষী নাট্যসেনানী’ শীৰ্ষক সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰি দিয়া মনোজ্ঞ ভাষণত ‘পৰিয়াল সূত্ৰে পোৱা সাংস্কৃতিক ঐতিহ্যৰ আত ধৰিয়েই প্ৰয়াত ফণীন্দ্ৰ কুমাৰ চৌধুৰী আৰু তেওঁৰ সুযোগ্য সন্তান ‘দৈনিক অসম’ৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে দুয়োগৰাকীয়ে তেওঁলোকৰ পিতৃৰ পদাংক অনুসৰণ কৰিয়েই সামাজিক- সাংস্কৃতিক কৰ্ম নতুবা কলমৰ জৰিয়তে বৰ্তমান সমাজ জীৱনলৈ বহুমূলীয়া অৱদান আগবঢ়াই আহিছে’ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।আনহাতে সভাত উপস্থিত থাকি দিয়া নিজৰ আধ্যাত্মিক ভাব সমৃদ্ধ ভাষণত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে পৃথিৱীখনক এখন ‘নাট্যমঞ্চ’ৰ সৈতে তুলনা কৰে।তেওঁৰ মন্তব্য–ভগৱান হ’ল এই নাট্যমঞ্চৰ পৰিচালক।ভগৱানে প্ৰয়াত চৌধুৰীক পৃথিৱীখনলৈ অভিনয় কৰিবলৈ পঠিয়াইছিল। সেয়ে জীবিত কালত তেওঁ অনেককে হাহি হহুৱালে,নাচি নচুৱালে।অবশেষত তেওঁৰ জীৱন বন্তিৰ শলিতাগছি শেষ হ’ল,আৰু সেয়ে তেওঁ নেদেখা,আমি ঢুকি নোপোৱা স্থানলৈ তেওঁ গুচি গলগৈ। ১৯৯৬ চনৰে পৰাই ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰয়াত চৌধুৰীক লগ পোৱাৰ বিষয়ে জানিবলৈ দি বিধায়ক গৰাকীৰ মন্তব্য–আমাৰ দুয়োৰে নাম আছিল একে।তেওঁৰো নাম আছিল আছিল ফণী আৰু মোৰ নামো ফণী।এই লৈ দুয়ো কেতিয়াবা পৰস্পৰৰ মাজত ৰসালাপ কৰিছিলো।তেওঁ আছিল সমাজপ্ৰেমী,নাট্যপ্ৰেমী। তেওঁ মঞ্চত উঠিলে সকলোৱে হাহিছিল।ৰসিকতাৰে দিয়া ভাষণে মানুহৰ মন মগজুক চুই গৈছিল।তেওঁ আছিল ‘আমি মৃত্যুৰ পিছতো জীয়াই থাকিম’ চিন্তাধাৰাৰে আগবঢ়া এগৰাকী সাংস্কৃতিক সেনানী।অনুষ্ঠানত স্থানীয় বি এইচ বি মহাবিদ্যালয়ৰ দুই প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাধ্যক্ষা ড০ অমিয়া মহন্ত আৰু ৰীণাৰাণী ডেকাৰ সৈতে মহাবিদ্যালয়খনৰ অধ্যাপক ড০ দুৰ্গেশ্বৰ বৰ্মণ আৰু সৰুপেটা শাখা সাহিত্য সভাৰ সহকাৰী সাধাৰণ সম্পাদক অৰবিন্দ বৰ্মনেও ভাষণ প্ৰদান কৰে।সভাপতিৰ ভাষণত ড০ বিৰিঞ্চি কুমাৰ দাসে ‘একো একোগৰাকী ব্যক্তিক স্মৰণ কৰিলেও আমি সেই ব্যক্তিগৰাকীৰ গুণৰাশিৰ অংশীদাৰ হও’ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।আৰম্ভণিতে স্থানীয় বি এইচ বি মহাবিদ্যালয়ৰ অধ্যাপিকা প্ৰীতিৰেখা দত্তই আত ধৰা অনুষ্ঠানত প্ৰয়াত ফণীন্দ্ৰ কুমাৰ চৌধুৰীৰ প্ৰতিচ্ছবিৰ সম্মুখত প্ৰয়াত চৌধুৰীৰ পৰিয়ালৰ বিভিন্ন গৰাকীয়ে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে।তাৰ পিছতেই উপস্থিত বিভিন্ন গৰাকীয়ে প্ৰতিচ্ছবিৰ সম্মুখত পুষ্পাঞ্জলি প্ৰদান কৰে।অনুষ্ঠানত আদৰণি ভাষণ দিয়ে প্ৰয়াত ফণীন্দ্ৰ কুমাৰ চৌধুৰী পৰিয়ালৰ বোৱাৰী অনুশিখা চৌধুৰীয়ে।পুৱাবেলা ভাগবত পাঠ আদিকে ধৰি বিভিন্ন মাঙ্গলিক কাৰ্য অনুষ্ঠিত হয়।আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ তৰফৰ পৰাও প্ৰয়াত চৌধুৰীৰ বিয়োগত এক শোক বাৰ্তা প্ৰয়াত চৌধুৰীৰ পৰিয়ালৰ হাতত অৰ্পন কৰা হয়।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like