বাঘবৰৰ মৌৰীগাঁৱত জল জীৱন আঁচনিৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ : বৰপেটা জিলাৰ বাঘবৰৰ মৌৰীগাৱঁৰ দুই নং পাৰ্টৰ জল জীৱন আঁচনিৰ নিৰ্মাণ কামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।আঁচনিৰ কামত অতি নিম্ন মানৰ ইটা আৰু চিমেণ্ট ব্যৱহাৰ কৰাত ৰাইজে ক্ষোভিত হৈ বন্ধ কৰিলে নিৰ্মাণ কাম। উক্ত নিৰ্মাণ কামত ব্যৱহাৰ কৰা ইটা সমূহ ৰাইজে শূন্য দূৰত্ব পৰা এৰি দিলেই হৈছে টুকুৰা-টুকুৰ। ইফালে নিম্নমানৰ ইটা আৰু নিম্নমানৰ চিমেণ্টৰে কৰা প্ৰাষ্টাৰ সমূহ ৰাইজে হাতেৰে চুলেই এৰাই গৈছে ।অন্যহাতে চিমেণ্টৰে কৰা ৰিং ঢালাই বোৰ নিৰ্মাণ কৰাৰ পিছত এবাৰো পানী ব্যৱহাৰ নকৰাত নষ্ট হোৱাৰ উপক্ৰম হৈছে ঢালাইসমূহ।উল্লেখযোগ্য যে বিগত তিনি বছৰে উক্ত আঁচনিৰ নূন্যতম কামো শেষ কৰিব নোৱাৰিলে ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই। সেয়ে এতিয়া উক্ত আঁচনিৰ কামত হোৱা দুৰ্নীতিৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো দাবী কৰিছে নিৰ্মাণ কমিটীৰ সভাপতিৰ লগতে স্থানীয় ৰাইজে।
প্ৰেৰক আব্দুল আজিজ আহমেদ