নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত জল জীৱন আঁচনিত ব্যাপক দুৰ্নীতি

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী : ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে প্ৰধানমন্ত্ৰীৰ সপোনৰ আচঁনি জল জীৱন মিচনত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ তথ্য বিভিন্ন সময়ত প্ৰকাশ হৈ আহিছে। শেহতীয়াকৈ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ একাংশ জল জীৱন আচঁনি নিৰ্মাণত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগত গোপন বুজাবুজি কৰি ঠিকাদাৰে আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিসন্ধি ৰচনা কৰাৰ অভিযোগ উত্থাপন হৈছে। লাহৰীঘাট সমজিলাৰ অন্তৰ্গত পশ্চিম মহামাৰী আৰু পূৱ টেঙাগুৰি জল জীৱন আচঁনি নিৰ্মাণত ঠিকাদাৰে ব্যাপক দূৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে। দুয়োখন আঁচনিৰ কামত বিভাগীয় নীতি নিয়ম সম্পূৰ্ণৰূপে উলংঘা কৰি স্হানীয় ৰাইজক অন্ধকাৰত ৰাখি নিম্ন মানদণ্ডৰে কাম সম্পূৰ্ণ কৰা দেখুৱাই ধন আত্মসাতৰ বাবে ঠিকাদাৰে উঠি পৰি লাগিছে। পশ্চিম মহমাৰী জল জীৱন আচঁনিত মূল পথৰ পৰা আচঁনি লৈ পথ নিৰ্মাণ কৰাৰ বাবে ২লাখ ৫০ হাজাৰ টকা আৱন্টন হৈছিল যদিও ঠিকাদাৰে পথ নিৰ্মাণৰ কাম কৰা নাই। ইয়াৰ উপৰি আচঁনিৰ অধীনত পাইপ লাইনৰ কাম সম্পূৰ্ণ কৰা নাই।প্ৰায় ডেৰ কোটি টকীয়া আচঁনি কাম বিভাগীয় প্ৰাককলন মতে নিৰ্মাণ কৰা নাই। আনহাতে পূৱ টেঙাগুৰি জল জীৱন আচঁনি নিৰ্মাণত অধিক দূৰ্নীতি সংঘটিত হৈছে। আঁচনি নিৰ্মাণ ক্ষেত্ৰত ঠিকাদাৰ জনে ৰাইজে পানী পাবৰ বাবে কাম কৰা নাই, কেৱল ধন আত্মসাতৰ বাবে আচঁনি সম্পূৰ্ণ দেখুৱাইছে। পাইপ লাইন নিৰ্মাণৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত কৰিছে। টেপ সংযোগৰ নামত কেৱল হিচাপ দেখুৱাই ধন আত্মসাৎ কৰিবলৈ উঠি পৰি লাগিছে। পূৱ টেঙাগুৰি জল জীৱন আচঁনিৰ টেপ সমূহ ভাঙি ছিঙি গৈছে। টেপ সংযোগ কমকৈ কৰি অধিক টেপ সংযোগ দেখুৱাইছে। এই দুয়োটা জল জীৱন আচঁনি নিৰ্মাণৰ ঠিকা লাভ কৰিছে মনিৰুল ইছলাম ছিদ্দিকীয়ে। ঠিকাদাৰ ছিদ্দিকীয়ে বিভাগীয় দায়িত্ববাহী অভিযন্তা জীতুপন তালুকদাৰৰ লগত গোপন বুজাবুজি কৰি দুয়োটা জল জীৱন আচঁনি ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে। স্হানীয় ৰাইজে দুয়োটা আচঁনিত উচ্চ পৰ্যায়ৰ তদন্ত কৰি সঠিকভাৱে আচঁনি ৰূপায়নৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

প্ৰেৰক আবুল কালাম

You might also like