🔹 শ্ৰীমন্ত শংকৰদেৱ নগৰত গুলীবিদ্ধ ১, উদ্ধাৰ পিষ্টল-সক্ৰিয় গুলী
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ : আজি পুৱতি নিশা হোজাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত আৰক্ষী আৰু চোৰাং গৰু সৰবৰাহকাৰীৰ মাজত সংঘটিত এক গুলীচালনাৰ ঘটনাত ১জন গৰু চোৰ আঘাতপ্ৰাপ্ত হয় । উদ্ধাৰ হৈছে গৰু পোৱালিভৰ্তি এখন ছুইফট বাহনৰ লগতে এটা ৭.৬৫ এম এম পিষ্টল, দুই জাঁই সক্ৰিয় গুলী আৰু দুটা খালী কাৰ্টিজ । আজি পুৱতি নিশা ৪ বজাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা । জানিব পৰা মতে, পুৱতি নিশা AS-01GD-6020 নম্বৰ প্লেট লগোৱা এখন নতুন মাৰুটি ছুইফট বাহনত গৰু চুৰ কৰি অনাৰ এক তথ্য লাভ কৰিছিল উদালী পহৰা চকীৰ টহলদাৰী আৰক্ষীয়ে । সেই অনুযায়ী বাহনখনৰ পাছে পাছে আৰক্ষীয়ে খেদি অহাৰ লগতে বাহনখনৰ বিষয়ে লংকা আৰু শ্ৰীমন্ত শংকৰদেৱ নগৰ আৰক্ষী চকীত খবৰ দিয়ে । লগে লগে শ্ৰীমন্ত শংকৰদেৱ নগৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচী লগাই দিয়ে। গৰ চুৰি কৰি অনা বাহনখনে শ্ৰীমন্ত শংকৰদেৱ নগৰ আৰক্ষীয়ে ৰখাবলৈ দিয়া নিৰ্দেশ অমান্য কৰি পথৰ ওপৰত ৰখা বেৰিকেড খুন্দিয়াই পলাই যায় । খুন্দাত ছুইফট বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে সন্মুখৰ টায়াৰো নষ্ট হৈ পৰাত ৪০০/৫০০ মিটাৰ মিটাৰ মান দূৰত্ব পাৰ হৈ পথৰ ওপৰত ৰৈ যায় বাহনখন । গাড়ীৰ পৰা নামিয়েই ৪জনকৈ লোকে পলায়নৰ চেষ্টা চলায়। কিন্তু ছুইফট বাহনখনৰ পাছে পাছে খেদি গৈ উপস্থিত হোৱা আৰক্ষীৰ দলটোৱে লোককেইজনক ধৰিবলৈ চেষ্টা কৰোঁতেই আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে গৰু চোৰৰ দলটোৱে । আৰক্ষীয়েও গুলীচালনা কৰাত ৪ জনীয়া দলটোৰ এজন গুলীবিদ্ধ হয় । গুলীবিদ্ধ লোকজনক এৰি আন তিনিজন লোকে পলায়ন কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা আহত লোকজনক উদ্ধাৰ কৰি লগে লগে ওচৰতে থকা যোৰাপুখুৰী অসামৰিক জিলা চিকিৎসালয়ত ভৰ্তি কৰায় । অৱশ্যে পাছত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহত লোকজনক । আহত লোকজন নগাঁৱৰ ৰূপহীৰ আজহাৰুল ইছলাম (৪০) বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে । আনহাতে, বেৰিকেড খুন্দিয়াই যোৱাৰ সময়ত কৰ্তব্যত থকা গজেন্দ্ৰ কাকতি নামৰ আৰক্ষীৰ ইউবি কনিষ্টবল এজন কিছু পৰিমাণে আহত হোৱা বুলি হোজাই জিলাৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই সদৰী কৰিছে । ঘটনাস্থলীৰ পৰা ১টা ৭.৬৫ এমএম পিষ্টলৰ লগতে ২টা খালী কাৰ্টিজ আৰু ২টা সক্ৰিয় গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে গৰু কঢ়িয়াই অনা বিলাসী বাহনখনৰ লগতে বাহনখনত ভৰাই অনা গৰুৰ পোৱালি এটা জব্দ কৰিছে। ঘটনাৰ লগত আন এখন গাড়ী জড়িত আছিল যদিও পলাই সাৰিবলৈ সক্ষম হোৱা বুলি ধাৰণা কৰিছে আৰক্ষীয়ে । ইতিমধ্যে ঘটনা সংক্ৰান্তত জব্দকৃত বাহনখনৰ গৰাকীৰ তথ্য উদ্ধাৰ কৰি অনুসন্ধান চলোৱাৰ লগতে ঘটনাস্থলীৰ পৰা পলায়ন কৰা আন তিনিজনৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। ঘটনাৰ পাছতে আজি পুৱা ১১.৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ নগৰ আৰক্ষী চকীত হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই এখন সংবাদ মেল অনুষ্ঠিত কৰি সংঘটিত ঘটনা সম্পৰ্কত সাংবাদিকক অৱগত কৰাৰ লগতে জিলাখনত এনেধৰণৰ কোনো চোৰাং গৰু সৰবৰাহ বা গৰু চুৰিৰ ঘটনা চলিবলৈ দিয়া নহব বুলি সকীয়নি প্ৰদান কৰে চোৰাং গৰু চোৰৰ প্ৰতি । অভিযানত হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ লগতে লংকা আৰক্ষী থানাৰ আৰক্ষী, শ্ৰীমন্ত শংকৰদেৱ নগৰৰ আৰক্ষীৰ উপৰি উদালী পহৰা চকীৰ আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছিল বুলি জানিব পৰা গৈছে । উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই লংকা আৰক্ষী থানাৰ অধীনৰ লংকাৰ বামুণ গাঁও, পিপলপুখৰী অঞ্চলত গৰু চোৰৰ উৎপাতত গৃহস্থৰ টোপনি নোহোৱা হৈ আছিল । আৰক্ষীক অৱগত কৰাৰ পাছতো আৰক্ষীৰ পৰা কোনো গুৰুত্ব লাভ কৰা নাছিল নাগৰিক তথা গো-পালকসকলে । ইয়াক লৈ ক্ষুব্ধ আৰু আতংকিত হৈ পৰা অঞ্চলটোৰ লোকসকলে কিছুদিন পূৰ্বে লামডিং সমজিলাৰ আয়ুক্তৰ ওচৰত গৰু চুৰি ৰোধৰ বাবে আবেদন দাখিল কৰিছিল । তাৰ মাজতেই আজি পুৱতি নিশা আৰক্ষীৰ হাতত গৰু চোৰৰ দল ধৰাশায়ী হ’ব লগা হৈছে । আহত হৈছে এজন গৰু চোৰো ।
প্ৰেৰক অপূৰ্ব বৰঠাকুৰ