নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাপুৰুষজনাৰ পদধূলা পৰা ২১ স্থানত নির্মাণ হ’ব নামঘৰ

🔹 বটদ্রৱাত মুখ্যমন্ত্রীৰ ঘোষণা
🔹 পৰিবহণ নিগমৰ বাছেৰে বটদ্রৱাৰ পৰা মধুপুৰলৈ কৰিব পাৰিব আধ্যাত্মিক যাত্রা : ড০ শর্মা
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ছেপ্টেম্বৰ : বর্তমানৰ ৰাজ্য চৰকাৰখনে বটদ্রৱা থানৰ বিকাশৰ সমান্তৰালকৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত আন ২১ স্থান সুন্দৰকৈ গঢ়ি তোলাৰ উদ্দেশ্যে ‘মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আধ্যাত্মিক যাত্রা’ শীর্ষক এটা প্রকল্প গ্রহণ কৰিছে৷ ইয়াৰ অধীনত মহাপুৰুষজনাই জীৱনকালৰ বিভিন্ন সময়ত কটোৱা উক্ত ২১ স্থান আন্তঃগাঁথনি আদি নির্মাণেৰে উন্নীত কৰাৰ লগতে প্রত্যেক স্থানতে একোটাকৈ নামঘৰ স্থাপন কৰিব৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৱির্ভাৱ তিথিত মহাপুৰুষজনাৰ জন্মস্থান বটদ্রৱাত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই ঘোষণা কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত আগতেও বহু চৰকাৰ আছিল৷ বহু ডাঙৰ ডাঙৰ সাংসদ আছিল৷ বহু ডাঙৰ ডাঙৰ চৰকাৰ আছিল৷ কিন্তু মহাপুৰুষজনাক জগত সভালৈ লৈ যোৱাৰ বাবে কোনো প্রচেষ্টাই আৰম্ভ হোৱা নাছিল৷ আজি আমাৰ চৰকাৰে কেৱল বটদ্রৱা থানৰে বিকাশ কৰিছে, তেনে নহয়৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে বটদ্রৱাত আৱির্ভাৱ হোৱাৰ পাছত ২১টা স্থানত তেওঁ পৰলোকপ্রাপ্তি পর্যন্ত কাম কৰিছিল৷ সেই ২১টা স্থান আমি নামঘৰ আদিৰে খুব সুন্দৰভাৱে সজাই–পৰাই তোলাৰ বাবে ‘মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আধ্যাত্মিক যাত্রা’ শীর্ষক এক প্রকল্প আৰম্ভ কৰিছোঁ৷ মহাপুৰুষজনাই য’তেই এক ৰাতি আছিল, তাতেই এটা নামঘৰ নির্মাণ কৰিম৷ ভক্ত–দর্শনার্থীসকলৰ সুবিধার্থে অসম ৰাজ্যিক পৰিবহণ নিগমৰ সেৱাৰ দ্বাৰা বটদ্রৱা থানৰ পৰা মধুপুৰ সত্রলৈকে আটাইকেইখন পৱিত্র ভূমি সংযোজিত কৰা হ’ব৷ ১৫ দিনৰ চার্কিট এখন তৈয়াৰ কৰা হ’ব, য’ত মহাপুৰুষজনাৰ আধ্যাত্মিক ভক্তসকলে বটদ্রৱাৰ পৰা পাটবাউসী হৈ মধুপুৰলৈ গৈ পুনৰ মধুপুৰৰ পৰা উভতি আহিব পাৰিব৷

You might also like