নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামোজী ফিল্ম চিটীতকৈ ধুনীয়া ফিল্ম চিটী হ’ব অসমত

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ ৰামোজী ফিল্ম চিটীতকৈও আটকধুনীয়াকৈ অসমত নির্মাণ হ’ব ফিল্ম চিটী৷ ভিজিআৰ গ্রুপে দুহেজাৰ কোটি টকা বিনিয়োগ কৰি নির্মাণ কৰিব এই প্রকল্প৷ এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত এই সম্পর্কত ৰাজ্য চৰকাৰৰ সৈতে এম’ইউ স্বাক্ষৰ কৰিছে ভিজিআৰ গ্রুপে৷ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ সমীপত ৫০০ একৰ ভূমিত নির্মাণ হ’ব এই ফিল্ম চিটী প্রকল্প৷ প্রকল্পটোত ১২০টা ভাষাৰ বহুভাষিক ষ্টুডিঅ’ স্থাপন হ’ব৷ দুবছৰৰ ভিতৰত এই প্রকল্পটোৰ নির্মাণকার্য সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে প্রতিষ্ঠানটোৱে৷ ভিজিআৰ ফিল্ম চিটী প্রকল্পই ৰূপায়ণ কৰিবলৈ লোৱা এই প্রকল্পটোৰ জৰিয়তে পাঁচ হাজাৰ যুৱক–যুৱতীয়ে সংস্থাপন লাভ কৰিব৷ এই প্রকল্পটোৱে অসমৰ চলচ্চিত্র উদ্যোগৰ লগতে অর্থনীতিতো বিকাশ সাধন কৰিব৷

You might also like