নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱেম্বৰ–ডিচেম্বৰত ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান

🔹 ২০২৬লৈ অসমত বন্ধ হ’ব বাল্য বিবাহ : মুখ্যমন্ত্রী

বিশেষ বাৰ্তা, ৯ আগষ্ট : অহা নৱেম্বৰ–ডিচেম্বৰ মাহত অসম আৰক্ষীয়ে ৰাজ্যখনত বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ কৰিব৷ –এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড০ শর্মাই ‘মুখ্যমন্ত্রীৰ নিযুত মইনা’ আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি ভাষণত এই প্রসংগত কয় যে অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ পাছত যোৱা এটা বছৰত ৰাজ্যখনলৈ বিভিন্ন এনজিঅ’ আহিছে৷ সকলো এনজিঅ’ৰ প্রতিবেদনৰ পৰা এইটো কথা স্পষ্ট হৈছে যে এতিয়া অসমত বাল্য বিবাহ যথেষ্ট বন্ধ হৈছে৷ মই ভাবোঁ প্রথম বছৰত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই যিমান লোকক গ্রেপ্তাৰ কৰা হৈছিল, এইবাৰ হয়তো সিমানসংখ্যক লোকক গ্রেপ্তাৰ কৰিব নোৱাৰিব৷ কাৰণ কম বয়সতে বিয়া কৰোৱা বহু স্বামীক আদালতে ইতিমধ্যে পকছো আইনৰ অধীনত কাৰাদণ্ড দিছে৷ যোৱা এবছৰত বহুকেইখন ন্যায়ালয়ে আৰক্ষীৰ সপক্ষে ৰায়দান কৰি অভিযুক্তসকলক ১৪ বছৰ পর্যন্ত কাৰাদণ্ড বিহিছে৷ অসম চৰকাৰে বাল্য বিবাহ ৰোধৰ বাবে ইতিবাচক আৰু আইনী পদক্ষেপ লৈছে৷ ২০২৬ চনলৈ অসমত বাল্য বিবাহ বন্ধ হ’ব বুলি ধাৰণা কৰা হৈছে৷ বাল্য বিবাহ ৰোধৰ বাবে চলোৱা এনে অভিযানৰ পাছত ধুবুৰী, মানকাচৰ জিলাত দুই–এটা ঘটনাৰ ক্ষেত্রত ভুক্তভোগী কন্যা সন্তানক পুনৰ সংস্থাপন কেন্দ্রলৈ নি তেওঁলোকক অৰুণোদয়কে ধৰি বিভিন্ন সুবিধা প্রদান কৰা হৈছে৷ ইয়াৰ বিপৰীতে আন একাংশৰ ক্ষেত্রত স্থানীয়ভাৱে বুজাপৰা কৰি কন্যা সন্তানৰ ১৮ বছৰ বয়স হোৱাৰ পাছতহে স্বামীগৃহলৈ পঠিওৱাৰো সিদ্ধান্ত লৈছে৷ বাল্য বিবাহ ৰোধৰ ক্ষেত্রত ভাৰতীয় ন্যায় সংহিতায়ো ডাঙৰ দফা এটা অনাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কোনো ছোৱালী যদি কম বয়সত বিয়াও হয় আৰু স্বামীয়ে যদি ছোৱালীজনীৰ সৈতে যৌন সম্পর্ক স্থাপন কৰে সেইটোও ধর্ষণ হিচাপে বিবেচিত হ’ব৷ এনে অৱস্থাত কম বয়সতে বিয়া হৈ কোনো কন্যা সন্তান মাতৃত্বৰ অধিকাৰী হ’লে তেওঁৰ স্বামী বাল্য বিবাহ আৰু ধর্ষণৰ দৰে দুটাকৈ গোচৰত অভিযুক্ত হ’ব৷

You might also like