নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঢ়ৈটা ছিটক লৈ কংগ্ৰেছ-এআইইউডিএফৰ মাজত কম্পিটিচন হ’ব- মুখ্যমন্ত্ৰী ডঃ শৰ্মা

🔹 ‘হিন্দু হওক-মুছলমান হওক, চৰকাৰী কৰ্মচাৰীয়ে দ্বিতীয় বিবাহৰ পূৰ্বে ৰাজ্য চৰকাৰৰ অনুমতি ল’ব লাগিব’

বিশেষ বাৰ্তা, ২৭ অক্টোবৰ : জনতা ভৱনত নতুনকৈ স্থাপন কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয় মুকলিৰ পিছত অনুষ্ঠিত সংবাদ মেলত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অসমত লোকসভা নিৰ্বাচনত চাৰে এঘাৰখন আসন আমি পাম। বাকী আঢ়ৈটা ছিট যিয়ে ভাগ-বাটোৱাৰা কৰি লয়, আমাৰ ক’বলগীয়া নাই। মই আঢ়ৈটা ছিট বিৰোধীক দি দিছোঁ। আঢ়ৈটা ছিটক লৈ যি ঐক্য হয়, অনৈক্য হয়, এইটো তেওঁলোকৰ মাজত থাকিব। মোৰ ক’বলগীয়া একো নাই। এই আঢ়ৈটা ছিটক লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত কম্পিটিচন হ’ব। কেতিয়াবা লগো লাগিব। দুই ভাই-ককাইৰ কাজিয়াত আমি নোসোমাওঁ। তদুপৰি তেওঁ কয়- বিৰোধী ঐক্যই যি Sacrifice কৰে কৰক, ৰাইজে sacrifice নিবিচাৰে, উন্নয়নহে বিচাৰে। আনহাতে, চৰকাৰী কৰ্মচাৰীৰ দ্বিতীয় বিবাহত নিষেধাজ্ঞা প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে চৰকাৰী কৰ্মচাৰীয়ে দ্বিতীয় বিবাহ কৰিবলৈ ৰাজ্য চৰকাৰৰ অনুমতি ল’ব লাগিব। হিন্দু হওক-মুছলমান হওক, চৰকাৰী কৰ্মচাৰীয়ে দ্বিতীয় বিবাহৰ পূৰ্বে ৰাজ্য চৰকাৰৰ অনুমতি ল’ব লাগিব।

You might also like