🔹 নিশা ১০ বজাৰ পৰা পুৱাৰ ভাগলৈ নচলাব বাহন !
বিশেষ বার্তা, ৪ জানুৱাৰী : পুহমহীয়া জাৰত কঁপিছে সমগ্র ৰাজ্য৷ মাঘ বিহুৰ পূর্বে ৰাজ্যত তাপমাত্র যথেষ্ট নিম্নগামী হোৱাৰ ফলত শীতৰ প্রকোপ বৃদ্ধি পাইছে৷ চলিত সপ্তাহত ৰাজ্যৰ তাপমাত্রা ১২–১৩ ডিগ্রী চেলছিয়াছলৈ হ্রাস পাইছে৷ ইয়াৰ সমান্তৰালভাৱে ডাঠ কুঁৱলীৰ আৱৰণে ৰাজ্য ঢাকি ধৰিছে৷ আগন্তুক এসপ্তাহলৈ ৰাজ্যৰ বিভিন্ন প্রান্তত ডাঠ কুঁৱলী পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্রই সতর্কতা জাৰি কৰিছে৷ এই সতর্কবাণী অনুসৰি নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ ঘন কুঁৱলীয়ে ৰাজ্য আৱৰি থাকিব৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি সন্ধিয়াৰ পৰাই কুঁৱলীৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত পথ দুর্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে৷ ডাঠ কুঁৱলীৰ ফলত দৃশ্যমানতা হ্রাস পোৱাৰ বাবেই অধিকাংশ বাহন দুর্ঘটনাগ্ৰস্ত হোৱাত কেইবাজনো লোক হতাহত হৈছে৷ যাৰ বাবে কুঁৱলীৰ বাবে সংঘটিত দুর্ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগ সষ্টম হৈ পৰিছে৷ পৰিবহণ বিভাগৰ বিশেষ কর্তব্যৰত বিষয়া গৌতম দাসে সদৰী কৰা অনুসৰি গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই আগন্তুক দিনত নিশাৰ ভাগত ৰাজ্যৰ বেছিভাগ অঞ্চলতে ডাঠ কুঁৱলীৰ আগজাননী দিছে৷ আনকি পাহাৰীয়া স্থান, নৈপৰীয়া অঞ্চল, জলাশয় আৰু মুকলি পথাৰৰ মাজেৰে যোৱা বাট–পথসমূহ সন্ধিয়াৰ পাছত ডাঠ কুঁৱলীয়ে আৱৰি ধৰিব বুলি বতৰ বিজ্ঞান কেন্দ্রই সতর্কতা জাৰি কৰিছে৷ যাৰ বাবে নিশাৰ ভাগত ৰাজপথত বাহন চলাওঁতে অত্যন্ত সতর্ক হোৱাৰ লগতে বিশেষ জৰুৰী নহ’লে নিশা ১০ বজাৰ পৰা পুৱাৰ ভাগলৈ বাহন নচলাবলৈ তেওঁ চালকসকলক আহ্বান জনাইছে৷ তেওঁ কয় যে এই সময়ছোৱাত নিশাৰ ভাগত জৰুৰী কাৰণত বাহন চলাবলগীয়া হ’লে ফগ লাইট জ্বলাই অতি সীমিত গতিবেগতহে চলাব লাগে৷ বাহনখন ৰখাবলগীয়া হ’লে পথৰ দাঁতিত সুৰক্ষিত স্থানত প্রধান পথত বাধা নোহোৱাকৈ পার্কিং লাইট জ্বলাই ৰাখিব লাগে৷ কুঁৱলী দি থকা অৱস্থাত লাহে লাহে বাহন চলালেও মাজে মাজে সন্মুখৰ আইনাৰ উইপাৰ ব্যৱহাৰ কৰি ৰাখিব লাগে, যাতে আইনাখন পৰিষ্কাৰ হৈ থাকে৷ লক্ষণীয় যে বিগত কেইবাদিনো ধৰি কুঁৱলীৰ প্রকোপ বৃদ্ধি পোৱাৰ বিপৰীতে তাপমাত্রা হ্রাস পাবলৈ আৰম্ভ কৰিছে৷ বিশেষকৈ পুৱা ১০–১১ বজা পর্যন্ত আকাশ কুঁৱলীয়ে ঢাকি ৰখাৰ ফলত সূর্যৰ পোহৰে ধৰা স্পর্শ কৰিব পৰা নাই৷ অধিকাংশ সময়ে ডাৱৰীয়াসদৃশ পৰিস্থিতি অব্যাহত থকাৰ বাবে ঠাণ্ডাৰ প্রকোপৰ পৰা হাত সাৰিবলৈ ঠায়ে ঠায়ে ৰাজ্যবাসীয়ে জুইৰ তাপ লোৱাও পৰিলক্ষিত হৈছে৷