নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙালীলৈ ৰিং এটাৰ বাট…

🔹 ৰাজ্যজুৰি ব’হাগীক আদৰাৰ প্রস্তুতি অসমীয়াৰ

বিশেষ বাৰ্তা, ১১ এপ্রিল : অতিকৈ চেনেহৰ মুগাৰে মহুৰা/তাতোকৈ চেনেহৰ মাকো/তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি/নেপাতি কেনেকৈ থাকো…৷ চেনেহৰ ব’হাগ বিহুটিলৈ মাজতে মাথোঁ তিনিটা দিন৷ প্রতিজন অসমীয়াৰ দেহ–মন এতিয়াই ৰাইজাই কৰিছে৷ ঢুলীয়াৰ ঢোলৰ ছেওত টাকুৰি ঘূৰাদি ঘূৰিবলৈ নাচনীসকলেও প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ অপেক্ষা মাথোঁ পহিলা ব’হাগৰ দিনটোলৈ৷ গোলকীয় পৰিৱর্তনে সমগ্র বিশ্বতে সমস্যাৰ সৃষ্টি কৰিছে৷ সময়ৰ পূর্বে উৎকট গৰমে ৰাইজক জুৰুলা কৰি তুলিছে৷ প্রকৃতিৰ ৰম্যভূমি অসমো গোলকীয় পৰিৱর্তনৰ চিকাৰ হৈ পৰিছে৷ কিন্তু প্রকৃতিৰ ইমানখিনি পৰিৱর্তনৰ পিছতো কুলিৰ কুউ কুউ শব্দটোৱে ব’হাগৰ আগজাননী দিছে৷ কুলিৰ সুৰীয়া মাতত প্রকৃতিয়ে ৰূপ সলাইছে৷ গছ–লতিকাই কোমল কুঁহিপাতেৰে সজাই–পৰাই তুলি ব’হাগৰ আনন্দ উৎসৱৰ বাবে যেন সাজু কৰি তুলিছে নিজকে৷ মুঠতে অসমত এতিয়া ব’হাগক আদৰাৰ প্রস্তুতি সম্পূর্ণ হৈ পৰিছে৷ অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি তথা বিভিন্ন সমসাই ৰাজ্যবাসীক আগুৰি ধৰিছে৷ ইয়াৰ মাজতে হিয়াৰ আমঠু ব’হাগ বহুটিক আদৰিবলৈ অসমীয়াই সকলো প্রস্তুতি সম্পূর্ণ কৰিছে৷ শদিয়াৰ পৰা ধুবুৰীলৈ সম্প্রতি নির্বাচনী বতাহে জোকাৰি গৈছে৷ কোন ৰাজনৈতিক দলে দিল্লীৰ মছনদ দখল কৰি আগন্তুক পাঁচ বছৰৰ বাবে দেশবাসীক শাসন কৰিব, তাক লৈ ৰাজ্যৰ চুকে–কোণে ব্যাপক আলোচনা–সমালোচনা চলি আছে৷ ইয়াৰ মাজতো প্রাণৰ আপোন ব’হাগ বিহুটি ঢোল, পেঁপা, গগনাৰ সুৰেৰে সজাই–পৰাই তুলি আদৰিবলৈ ৰাজ্যৰ বিভিন্ন প্রান্তত আৰম্ভ হৈছে ব্যাপক প্রস্তুতি৷ ঠায়ে ঠায়ে আয়োজন কৰা হৈছে ব’হাগী উৎসৱৰ৷ তাৰ পূর্বে ৰাজ্যৰ ভিন্ন প্রান্তত অনুষ্ঠিত কৰা হৈছে বিহুনাচৰ কর্মশালা৷ কণমানি নাচনীৰ পৰা আৰম্ভ কৰি যুৱতীলৈকে সকলোৱে অংশ লৈছে বিহু কর্মশালাত৷ ব’হাগৰ বিহুটিত কঁকাল ভাঙি এপাক নাচিবলৈ কাৰনো ইচ্ছা নাযায়, মুঠৰ ওপৰত বিহুটি কোনে কিদৰে আদৰিব পাৰে, তাক লৈ যেন এক অঘোষিত প্রতিযোগিতা ৰাজ্যত আৰম্ভ হৈছে৷ বিহুৰ প্রস্তুতিৰ সমান্তৰালভাৱে চেনেহৰ বিহুৱান গামোচাখনক লৈও এতিয়া শংকাৰ সৃষ্টি হৈছে৷ অসমীয়া জাতীয় জীৱনৰ সন্মানস্বৰূপ গামোচাখনৰ স্বত্ব জিআই টেগৰ জৰিয়তে চৰকাৰে অসমীয়াক দিছে যদিও এতিয়াও অসমীয়াই আদৰি ল’ব পৰা নাই এই স্বত্বক৷ জিআই টেগৰ স্বীকৃতিৰ পিছতে উৎফুল্লিত অসমীয়া শিপিনী, ইখনৰ পিছত সিখনকৈ বৈ উলিয়াইছে ফুলাম গামোচা৷ কিন্তু ইমানখিনিৰ পিছতো অসমৰ থলুৱা শিপিনীয়ে বৈ উলিওৱা গামোচাই ল’ব পৰা নাই বজাৰখন৷ চৰকাৰী সূত্রই সদৰী কৰা মতে, থলুৱা শিপিনীসকলক উৎসাহিত কৰাৰ বাবে চৰকাৰে স্বনির্ভৰ নাৰী আঁচনিৰ জৰিয়তে তাঁতশালত বোৱা গামোচা ক্রয় কৰিছে৷ শিপিনীসকলক উপযুক্ত মূল্যও দিয়া হৈছে৷ আর্টফেড আৰু এজিএমচি নামৰ চৰকাৰী সংস্থাৰ জৰিয়তে ৰাজ্যজুৰি বিভিন্ন প্রান্তত গামোচাকে আদি কৰি ব’হাগৰ বিহুৰ বাবে প্রয়োজনীয় বিভিন্ন থলুৱা বস্ত্র বিক্রীৰ বাবে ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ ভিতৰত ন্যূনতম ১৭৫ টকাৰ পৰা আৰম্ভ কৰি ৩৫০ টকালৈকে ছয় প্রকাৰৰ গামোচা উক্ত সংস্থা দুটাৰ ৰাজ্যজুৰি থকা কেন্দ্রসমূহৰ জৰিয়তে বিক্রীৰ ব্যৱস্থা কৰা হৈছে৷ পৰিস্থিতিসাপেক্ষে গামোচাত কিছু ৰেহাইৰ ব্যৱস্থাও বিভাগীয়ভাৱে কৰা হৈছে৷ কিন্তু প্রায় ডেৰ লাখৰো অধিক বিভিন্ন প্রকাৰৰ গামোচা বর্তমানেও বিক্রী নোহোৱাকৈয়ে কেন্দ্রবোৰত আছে৷ সূত্রটোৰ মতে, থলুৱা গামোচাৰ দাম বেছি হোৱাৰ অজুহাতত বহুতেই ক্রয় কৰিবলৈ ইচ্ছা প্রকাশ নকৰে৷ যিহেতুকে একোখন গামোচা সূতা ক্রয় কৰি বৈ উলিওৱা পর্যন্ত যথেষ্ট সময়ৰ লগতে কষ্টও হয়, গতিকে নির্ধাৰিত এটা মূল্যৰ তলত সেই গামোচা বিক্রী কৰাটো যথেষ্ট কষ্টকৰ হয়৷ যাৰ বাবে সস্তীয়া দৰত থলুৱা গামোচা বিক্রী কৰাটো সম্ভৱ নহয়৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ ভিন্ন প্রান্তত লুকাই–চুৰকৈ হ’লেও কম দামত বিক্রী হৈ আছে বহিঃৰাজ্যৰ পাৱাৰলুমত তৈয়াৰী গামোচা৷ উল্লেখ্য যে হস্তঁতাত-বস্ত্রশিল্প বিভাগে যোৱা ৪ মার্চৰ পৰা ৰাজ্যৰ প্রতিখন জিলাৰ বিভিন্ন প্রান্তত পাৱাৰলুমত নির্মিত বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানত বিভাগীয় দলে অভিযান চলাইছে৷ বর্তমানলৈকে ৰাজ্যৰ ১,১৪১খন ব্যৱসায়িক প্রতিষ্ঠানত বিভাগৰ দলে অভিযান চলাই ২,৯৯৪খন বহিঃৰাজ্যৰ পাৱাৰলুমত নির্মিত গামোচা জব্দ কৰিছে৷ ৰাজ্যৰ তিনিচুকীয়া জিলাত সর্বাধিক ৮৭০খন নকল গামোচা বিভাগীয় দলে জব্দ কৰিছে৷ বিভাগে চলোৱা এই অভিযানৰ পিছত এতিয়া বহিঃৰাজ্যৰ ব্যৱসায়ীসকলো যথেষ্ট সতর্ক হৈ পৰিছে৷ চতুৰ ব্যৱসায়ীয়ে অসমত থকা নিজৰ এজেণ্টৰ জৰিয়তে পদপথত খুচুৰাভাৱে বিক্রী কৰি থকা ব্যৱসায়ীৰ জৰিয়তে বহিঃৰাজ্যৰ সস্তীয়া গামোচা ৰাইজৰ ওচৰত এৰি দিছে৷ একাংশ থলুৱা ব্যৱসায়ীয়ে জনোৱা মতে, ন্যূনতম ৩০ টকাৰ পৰা সর্বাধিক ২০০ টকাৰ অতি উন্নতমানৰ পাৱাৰলুমত নির্মিত গামোচা বজাৰলৈ আহিছে৷ যাৰ বাবে ৭০০ টকীয়া গামোচাখন ৰাইজে ক্রয় কৰিবলৈ অমান্তি হৈছে৷ ফলত থলুৱা গামোচাই ৰাজ্যৰ বিহুৰ বজাৰখন হেৰুৱাব লগা হৈছে৷ উল্লেখ্য যে অহা ১১ এপ্রিলত ঈদ আৰু তাৰ এদিন পিছতে ব’হাগ বিহু৷ নির্বাচনী পৰিৱেশো ৰাজ্যত অব্যাহত আছে৷ কিন্তু ইমানখিনি উৎসৱ একেলগে অহাৰ পিছতো ব্যৱসায় যিধৰণে হ’ব লাগিছিল, সেয়া এতিয়াও হৈ উঠা নাই বুলি মত প্রকাশ কৰিছে ব্যৱসায়িক মহলে৷ লাখটকীয়া মার্চেণ্ট এছ’চিয়েচনৰ সাধাৰণ সম্পাদক নেকিব ইমান শইকীয়াই এই সন্দর্ভত সদৰী কৰা মতে, এইবাৰ বজাৰ পূর্বতকৈ ভাল৷ বজাৰৰ আয় পূর্বৰ তুলনাত প্রায় ৩০ শতাংশ বাঢ়িছে যদিও যিমানখিনি উন্নত হ’ব লাগিছিল, সেয়া এতিয়াও হোৱা নাই৷ মূলতঃ অনলাইন আৰু পদপথত যেনি–তেনি বহা ব্যৱসায়ীসকলৰ বাবে প্রতিষ্ঠিত ব্যৱসায়িক প্রতিষ্ঠানবোৰে বিচৰা ধৰণে লাভালাভ কৰিবলৈ সক্ষম হোৱা নাই৷ তথাপি পূর্বৰ বছৰবোৰৰ তুলনাত এইবাৰ কিছু হ’লেও উন্নত হৈছে বজাৰ৷ মুঠৰ ওপৰত কষ্ট স্বীকাৰ কৰি হ’লেও ৰাইজে চেনেহৰ বিহুটিক আদৰিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই৷

You might also like