নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়তকৈ ৩০০ গুণ অধিক সম্পত্তিৰ অধিকাৰী ইন্দ্রেশ্বৰ কলিতা

🔹 উৎস লুকুৱাবলৈ চেষ্টা আবকাৰী সচিবৰ

বিশেষ বাৰ্তা, ১১ এপ্রিল : পদ মর্যাদাৰ অপব্যৱহাৰ কৰি নামে–বেনামে অগাধ ধন–সম্পত্তিৰ গৰাকী হোৱা আবকাৰী বিভাগৰ সচিব তথা জ্যেষ্ঠ আইএএছ বিষয়া ইন্দ্রেশ্বৰ কলিতাক কালি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে জেৰা চলায়৷ প্রাথমিক তদন্তৰ অন্তত ৰুজু হোৱা গোচৰৰ ভিত্তিতে আবকাৰী সচিবজনক তদন্তকাৰী সংস্থাটোৱে দীর্ঘ সময় ধৰি জেৰা চলোৱাৰ লগতে তেওঁৰ আয়ৰ উৎসসমূহ চিনাক্ত কৰিবলৈ চেষ্টা কৰে৷ কিয়নো দুর্নীতি–অনিয়মেৰে অগাধ সম্পত্তিৰ পাহাৰ গঢ়া বুলি তথ্য লাভ কৰা বিষয়াজনে তেওঁৰ সম্পত্তিৰ উৎস লুকুৱাবলৈ চক্রান্ত কৰি আহিছে৷ প্রাপ্ত তথ্য অনুসৰি, এইজন বিষয়াৰ সা–সম্পত্তিৰ পৰিমাণ তেওঁৰ আয়ৰ ৩০০ শতাংশতকৈও অধিক৷ যাৰ পৰিপ্রেক্ষিততে তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষত এটা অভিযোগ দাখিল কৰা হৈছিল৷ যাৰ ভিত্তিত তদাৰকী কোষে প্রাথমিক তদন্ত কৰি ২/২০২৪ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ গোচৰটোৰ ভিত্তিত তদন্তকাৰী সংস্থাটোৱে গুৱাহাটীৰ জু–ৰোডস্থিত নির্ভানা এপার্টমেণ্টত থকা কলিতাৰ বাসগৃহকে ধৰি কেইবাটাও স্থানত অভিযান চলায়৷ কিন্তু অতি চতুৰ বিষয়াজনে আগতীয়াকৈ তদন্তৰ সন্মুখীন হোৱাৰ ভয়ত সম্পত্তিৰ তথ্য লুকুৱাবলৈ চক্রান্ত কৰে৷ সেয়েহে আবকাৰী সচিব কলিতাক কালিৰে পৰা সম্পত্তিৰ তথ্য বিচাৰি তদন্তকাৰী সংস্থাটোৱে জেৰা কৰিবলৈ আৰম্ভ কৰিছে৷ লক্ষণীয় যে দীঘলীয়া সময় ধৰি বিভিন্ন স্থানত চাকৰি কৰা ইন্দ্রেশ্বৰ কলিতাৰ সা–সম্পত্তিৰ তালিকাই মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ চকু কপালত তুলিছে৷ জু–ৰোডৰ সুন্দৰপুৰস্থিত নির্ভানা এপার্টমেণ্টৰ ফ্লেটৰ গৰাকী হোৱাৰ উপৰি উজান বজাৰ, বেতকুছি, লালমাটি আদিকে ধৰি কেইবাটাও স্থানত ভূমি আৰু আন সম্পত্তি থকাৰ তথ্য মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে লাভ কৰিছে৷ আবকাৰী বিভাগৰ উপৰি বন আৰু পৰিৱেশ বিভাগ, নগৰ উন্নয়ন বিভাগকে ধৰি কেইবাটাও বিভাগৰ উচ্চ পদবীত দায়িত্ব পালন কৰা কলিতাই কন্যাৰ বিয়াত খৰচ কৰা ধনৰ পৰিমাণো আছিল অবিশ্বাস্য৷ কন্যাৰ আঙঠি পিন্ধোৱা পর্ব মহানগৰীৰ তাজ ভিভাণ্টাৰ দৰে বিলাসী হোটেলত আয়োজন কৰাৰ উপৰি বিবাহ অনুষ্ঠানৰ বাবে এখন ৰিজ’ৰ্ট সম্পূর্ণৰূপে বুক কৰিছিল৷ অত্যধিক ব্যয়বহুল এই বিয়াখনৰ নামতে আবকাৰী সচিবজনে কোটিৰ ঘৰত ধন খৰচ কৰা বুলিও চর্চিত হৈছিল৷ কেৱল সেয়াই নহয়, ইউৰোপ, ৰাছিয়া, দক্ষিণ আফ্রিকাকে ধৰি কেইবাখনো দেশ তেওঁ ভ্রমণ কৰিছিল৷ স্বাভাৱিকতে এজন বিষয়াই কিদৰে এক ব্যয়বহুল জীৱন কটাবলৈ সক্ষম হৈছিল, তাক লৈ সাধাৰণ ৰাইজৰ মাজতো উৎসুকতাৰ সৃষ্টি হৈছে৷ অৱশ্যে তেওঁৰ এই সা–সম্পত্তিৰ তদন্ত হ’ব পাৰে বুলিয়েই কলিতাই মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষক কেতবোৰ বিভ্রান্তিকৰ তথ্য প্রদান কৰিবলৈ চেষ্টা কৰা বুলি জানিব পৰা গৈছে৷ এক উচ্চস্তৰীয় সূত্রই প্রকাশ কৰা মতে নির্ভানা এপার্টমেণ্টত চলোৱা অভিযানৰ সময়ত এটা আইফোনসহ কেতবোৰ বিলাসী সামগ্রী তদন্তকাৰী সংস্থাটোৱে দেখিবলৈ পাইছিল৷ এই সন্দর্ভত প্রশ্ণ কৰাত কলিতাই তদন্তকাৰী সংস্থাটোৰ সন্মুখত প্রকাশ কৰিছিল যে আইফোনটো তেওঁৰ পুত্রক আন কোনোবাই উপহাৰ হিচাপে প্রদান কৰিছিল৷ তদুপৰি তেওঁৰ ঘৰত থকা আন বহু বিলাসী সা–সামগ্রীও উপহাৰ হিচাপে লাভ কৰা বুলি তথ্য প্রদান কৰি তদন্তৰ আওতাৰ পৰা বাহিৰলৈ ওলাবলৈ অপচেষ্টা কৰিছে বিষয়াজনে৷ অৱশ্যে তেওঁৰ এই অপচেষ্টা ভেদি আয়ৰ সৈতে সামঞ্জস্যহীন সা–সম্পত্তিৰ গৰাকী কিদৰে হ’ল, তাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে তদন্ত অধিক জোৰদাৰ কৰি তুলিছে৷

You might also like