নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৰস্ৰোতা লোহিত নদীত নিখোজ পত্নী–শাহুৱেকসহ কাকপথাৰৰ ব্যৱসায়ী

🔹 মন্দিৰত পূজা আগবঢ়াবলৈ গৈ অঘটন

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ সুউচ্চত অৱস্থিত হিন্দু সভ্যতাৰ আৰাধ্য তীৰ্থস্থান পৰশুৰাম কুণ্ডত সংঘটিত এক শোকাৱহ ঘটনাই আজি পাহাৰীয়া ৰাজ্যখনৰ লোহিত জিলা প্ৰশাসনক জোকাৰি যায় ৷ হিন্দু সভ্যতাৰ আধ্যাত্মিকতাৰ ধৰ্ম শাস্ত্ৰত উল্লিখিত পবিত্ৰ তীৰ্থস্থান হিচাপে খ্যাত পৰশুৰাম কুণ্ড দৰ্শনৰ বাবে গৈ’ উজনি অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এক দম্পতী আৰু ইম্ফলৰ এগৰাকী বৃদ্ধা তীৰ্থযাত্ৰী খৰস্ৰোতা লোহিত নদীত উটি গৈ সন্ধানহীন হৈ পৰা ঘটনাই হুৱাদুৱাৰ সৃষ্টি কৰাৰ লগতে কাকপথাৰতো শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় ৷ ঘটনাৰ বিৱৰণী মতেস আজি পুৱা ৪ বজাত তিনিচুকীয়া জিলাৰ কাকপথাৰ ফৰেষ্ট গেটৰ নিবাসী তথা কাকপথাৰৰ ব্যৱসায়ী মনোজ শ্বাহ (৪৮), মনোজ শ্বাহৰ শিক্ষয়িত্ৰী পত্নী শোভা দেৱী (৪৭), তেওঁলোকৰ কনিষ্ঠ পুত্ৰ আয়ুচ শ্বাহ (১৫) আৰু মনোজ শ্বাহৰ শহুৰ-শাহু মোহন গুপ্তা (৬৫) আৰু লীলা দেৱী (৬১)-এ কাকপথাৰৰ পৰা এখন ভাৰাতীয়া গাড়ীৰে ১৩০ কিলোমিটাৰ পথ যাত্ৰা কৰি পুৱা আঠ বজাত পৰশুৰাম কুণ্ডত উপস্থিত হয় ৷ তেওঁলোকে পৰশুৰাম কুণ্ড দৰ্শনৰ বাবে কাকপথাৰৰ পৰা যাত্ৰা কৰি গৈ পৰশুৰাম কুণ্ডত (কুণ্ডৰ মাজেৰে প্ৰবাহিত খৰস্ৰোতা লোহিত নদীৰ পাৰত) গা ধুবলৈ লওঁতেই মনোজ শ্বাহ, শোভা দেৱী, মোহন গুপ্তা আৰু লীলা দেৱীক নদীৰ কোবাল সোঁতে উটুৱাই লৈ যায় ৷ ইয়াৰে মোহন গুপ্তাই নাতিয়েক আয়ুচ শ্বাহৰ হাতত ধৰি নদীৰ পাৰত উঠি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ৷ পৰশুৰাম কুণ্ড দৰ্শনৰ পৰম্পৰাগত সেৱা কৰাৰ ইচ্ছাৰে গা ধুই থকা অৱস্থাতে খৰস্ৰোতা লোহিত নদীৰ সোঁতে মনোজ শ্বাহ, শোভা দেৱী আৰু লীলা দেৱী হিমালয়ৰ পৰ্বতমালাৰ পৰা চীন দেশ হৈ অৰুণাচললৈ বৈ অহা খৰস্ৰোতা লোহিত নদীৰ কোবাল সোঁতত উটি যায় ৷ এই শিহৰণকাৰী সমগ্ৰ ঘটনাৰ বিৱৰণ দি হুকহুকাই কান্দি উঠে মনোজ শ্বাহৰ পুত্ৰ আয়ুচ শ্বাহ আৰু শোভা দেৱীৰ পিতৃ মোহন গুপ্তাই ৷ উল্লেখ্য যে মনোজ শ্বাহৰ পত্নী শোভা দেৱীৰ পিতৃ-মাতৃ মণিপুৰ ইম্ফলৰ নিৱাসী ৷ কন্যা, জোঁৱাই আৰু নাতিক চাবলৈ সুদূৰ ইম্ফলৰ পৰা যাত্ৰা কৰি মোহন গুপ্তাই পত্নী লীলা দেৱীৰ সৈতে কালি কাকপথাৰৰ জোঁৱাই মনোজ শ্বাহৰ ঘৰত উপস্থিত হৈছিল আৰু আজি পুৱাতে তেওঁলোক পৰশুৰাম কুণ্ড দৰ্শন কৰিবলৈ ওলাই গৈছিল ৷ ইফালে, শোকাৱহ ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে কাকপথাৰ আৰক্ষীয়ে অৰুণাচলৰ লোহিত জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াৰে যোগাযোগ স্থাপন কৰি সমগ্ৰ ঘটনা অৱগত কৰে ৷ শোকাৱহ ঘটনাটোক গুৰুত্বসহকাৰে গ্ৰহণ কৰি অৰুণাচলৰ আৰক্ষী, এন ডি আৰ এফ আৰু অসমৰ এছ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হৈ সন্ধানহীন লোক তিনিজনৰ সন্ধানত লোহিত নদীত অভিযান আৰম্ভ কৰে ৷ অৰুণাচলৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, খৰস্ৰোতা লোহিত নদীৰ সোঁতৰ গতি অত্যাধুনিক হোৱাৰ বাবে অভিযানত যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ৷ মৃতদেহৰ সন্ধানত মনোজ শ্বাহৰ ভাতৃ ঔম প্ৰকাশ শ্বাহৰ সৈতে পৰিয়ালবৰ্গ, কাকপথাৰৰ একাধিক লোকে পৰশুৰামতে বাহৰ পাতি আছে ৷
প্ৰেৰক মনোৰঞ্জন নেওগ
You might also like