🔹 সাৱধান ! ৰক্ষক বেংক বিষয়াৰ কাহিনীত হতবাক
🔹 ধৃত বেংক বিষয়া গুলেনুৰ হুছেইনৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি
বিশেষ বাৰ্তা, ১৫ জুলাই : কষ্টোপার্জিত ধন বেংকত ৰখা প্রতিগৰাকী গ্রাহকেই এতিয়া সাৱধান হ’বৰ হ’ল৷ কিয়নো ৰাইজৰ জীৱনৰ কষ্টোপার্জিত ধন সুৰক্ষিত কৰি ৰখাৰ দায়িত্বত নিয়োজিত একাংশ ৰক্ষক বেংক বিষয়াই এতিয়া ভক্ষকৰ ৰূপত অৱতীর্ণ হৈছে৷ শেহতীয়াকৈ অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত উপ–মহাপৰিদর্শক (ডিআইজি) ভৱধৰ দত্তৰ বেংক একাউণ্টৰ পৰা জালিয়াতিৰে ২৬ লাখ টকা লুণ্ঠন কৰা ভাৰতীয় ষ্টেট বেংকৰ দুর্নীতিগ্রস্ত বিষয়া গুলেনুৰ হুছেইনৰ বহু বিতর্কিত কাহিনী মহানগৰ আৰক্ষীৰ তদন্তত পোহৰলৈ অহাত এই সন্দেহ ঘনীভূত হৈ পৰিছে৷ উল্লেখ্য যে ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটীৰ বৰবাৰী শাখাত থকা অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত ডিআইজিগৰাকীৰ বেংক একাউণ্টৰ পৰা জালিয়াতিৰে ধন সৰকাই জালত পৰা ভাৰতীয় ষ্টেট বেংকৰ উপ–প্রবন্ধক গুলেনুৰ হুছেইনক আৰক্ষীয়ে গুৱাহাটীৰ সাতগাঁৱৰ ছাইন হেভেন এপার্টমেণ্টৰ পৰা গ্রেপ্তাৰ কৰে৷ এই সন্দর্ভত যোৱা ১৯ জুনত দিছপুৰ থানাত ৰুজু হোৱা ৬১৬/২৪ নম্বৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত বেংক বিষয়াজনক মাৰাথন জেৰা চলোৱাৰ পাছত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটীত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰা মতে, ভাৰতীয় ষ্টেট বেংকৰ বৰবাৰী শাখাত শাখা প্রবন্ধকৰূপে কর্মৰত সময়তে গুলেনুৰ হুছেইনে এই কাণ্ড সংঘটিত কৰিছে৷ বেংকটোৰ যিবোৰ একাউণ্টত বহু ধন জমা থকা সত্ত্বেও বছৰৰ পিছত বছৰ ধৰি একাউণ্টৰ গৰাকীয়ে ব্যৱহাৰ নকৰাৰ অজুহাত লৈ এই জালিয়াতি বিষয়াজনে সংঘটিত কৰিছিল৷ সাধাৰণ অর্থত ক’বলৈ হ’লে অব্যৱহৃত হৈ পৰি থকা বেংক একাউণ্টবোৰ বিষয়াজনৰ একপ্রকাৰ টার্গেট আছিল৷ মন কৰিবলগীয়া যে ৮৪ বছৰীয়া অৱসৰপ্রাপ্ত ডিআইজি ভৱধৰ দত্তই বিগত তিনি বছৰ ধৰি উক্ত বেংক একাউণ্টটো ব্যৱহাৰ কৰা নাছিল৷ ধৃত গুলেনুৰ হুছেইনে একাউণ্টটোৰ গৰাকী জীয়াই নথকা বুলি ভাবি লৈছিল আৰু সেই সুযোগতে একাউণ্টত জমা থকা ২৬ লাখ টকা জালিয়াতিৰে লুট কৰিছিল৷ কিন্তু কিদৰে এই জালিয়াতি বেংক বিষয়াজনে সংঘটিত কৰিলে? আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰা মতে, দীর্ঘদিন ধৰি একাউণ্টটো ভৱধৰ দত্তই ব্যৱহাৰ নকৰাৰ সুযোগ লৈ গুলেনুৰ হুছেইনে আন সহযোগী ত্রিদীপ কলিতাৰ লগ লাগি এখন ছিমকার্ড উলিয়াই লয়৷ তাৰ পিছত উক্ত ছিমকার্ডখন এটা পুৰণা ম’বাইল ফোনত সংযোগ কৰি সেই নম্বৰটো ভৱধৰ দত্তৰ বেংক একাউণ্টৰ বিপৰীতে জালিয়াতিৰে সংযোগ কৰি এটা ইউজাৰ আইডি আৰু পাছৱর্ড তৈয়াৰ কৰি লয়৷ বেংকটোৰ শাখা প্রবন্ধক হোৱা বাবে এইখিনি কাম তেওঁৰ বাবে অতি সহজ আৰু সাধাৰণ আছিল৷ তাৰ পিছতে উক্ত একাউণ্টটোত জমা ধনসমূহ ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে গুলেনুৰ হুছেইনে উলিয়াই নি নিজৰ ধাৰ পৰিশোধ কৰে৷ ইয়াৰ বাদেও উক্ত ২৬ লাখ টকাৰ কিছু অংশ ভাৰতীয় ষ্টক এক্সচেঞ্জত ট্রেডিঙত বিনিয়োগ কৰাৰ লগতে ক্রিপ্ট’ কাৰেঞ্চীৰ এটা এপৰ জৰিয়তে বিনিয়োগো কৰিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে৷ একাউণ্টটোৰ পৰা জালিয়াতিৰে নিয়া ২৬ লাখ টকা এনেদৰে বিভিন্ন কামত বিনিয়োগ কৰিছিল গুলেনুৰ হুছেইনে৷ অকল অৱসৰপ্রাপ্ত ডিআইজি ভৱধৰ দত্তৰেই নহয়, বেংকটোৰ বৰবাৰী শাখাৰ আন বহুকেইজন গ্রাহকৰ একাউণ্টৰো জালিয়াতিৰে বহু ধন বিভিন্ন সময়ত আত্মসাৎ কৰিছিল গুলেনুৰ হুছেইনে৷ বৰবাৰী শাখাৰ পৰা বদলি হৈ সম্প্রতি দিছপুৰ শাখাৰ বিশেষ মুদ্রা প্রশাসনিক শাখাৰ উপ–প্রবন্ধক ৰূপে কর্মৰত গুলেনুৰ হুছেইন৷ আৰক্ষীয়ে বেংক বিষয়াজনৰ লগতে তেওঁৰ এই কু–কর্মত সহযোগ কৰা ত্রিদীপ কলিতাকো গ্রেপ্তাৰ কৰি জোৰ তদন্ত অব্যাহত ৰাখিছে৷