নাজিম আহমেদৰ প্ৰতিবেদন : যিসময়ত চৰকাৰী চাকৰি বিচাৰি একাংশ যুৱক-যুৱতীয়ে হাহাকাৰ কৰি ফুৰিছে, ঠিক সেই সময়ত জুৰীয়াৰ এহাল উদ্যমী দম্পতিয়ে ইংৰাজী নৱ বৰ্ষৰ প্ৰাক মুহূৰ্তত মচলাৰ এখন ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি এক অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। জুৰীয়াৰ সমীপৰ বালুগুটিয়া অঞ্চলৰ ৱাকিবুল ইছলাম আৰু ফাতিমা বেগম নামৰ নৱ দম্পতি হালে ‘ইণ্ডি স্পাইচ’ নামৰ ক্ষুদ্ৰ উদ্যোগটিৰ জৰিয়তে কোনো কেমিকেল ব্যৱহাৰ নকৰাকৈ থলুৱাভাবে মচলা প্ৰস্তুতৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। বজাৰত পোৱা বহি:ৰাজ্যৰ অন্যান্য কোম্পানীয়ে প্ৰস্তুত কৰা মচলাৰ দামতকৈ অতি কমদামত ‘ইণ্ডি স্পাইচ’ নামৰ পেকেট যুক্ত মচলা বিক্ৰী কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত উদ্যোগী দম্পতি হালে জানিবলৈ দিয়ে। অলপতে জুৰীয়াৰ সমীপৰ বালুগুটিয়াত এই মচলা পেকেজিং উদ্যোগটিৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা, নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ড° নিৰঞ্জন ডেকা, জ্যেষ্ঠ বিজ্ঞানী জুলী শৰ্মা আৰু আছফিকা ইছলাম, জুৰীয়া শাখা সাহিত্য সভাৰ সভাপতি তথা উদমাৰী উঃ মাঃ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফজলুল হক মৰলৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উপস্থিত সকলোৱে যুৱ উদ্যোগী দম্পতি হালৰ উদ্যমীতাৰ সলাগ লয় আৰু মচলা উদ্যোগটোৰ উন্নতিৰ বাবে মূল্যবান পৰামৰ্শ আগবঢ়ায়। এই আদৰ্শৰে আন যুৱক-যুৱতী সকলক আগবাঢ়ি যাবলৈ তেওঁলোকে আহ্বান জনায়। দম্পতি হালৰ উজ্জ্বল ভৱিষ্যত কামণা কৰিছে সকলোৱে।