নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দবা-কাঁ‌হ-শংখৰ মাংগলিক ধ্বনিৰে আশীৰ্বাদ দিলে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক

বিশেষ বাৰ্তা, ৯ জুনঃ মহাপুৰষীয়া একশৰণ নামধৰ্ম সমাজৰ পূব আৰু পশ্চিম কাটনি আঞ্চলিক সমাজৰ যুটীয়া উদ্যোগত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আজি জংঘল ব্লকত অৱস্থিত কেন্দ্ৰীয় হৰিগৃহত আশীৰ্বাদৰ লগতে ৰাজহুৱা অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয় । পূব কাটনি আঞ্চলিক সমিতিৰ সম্পাদক অমৃত বৰাই উদ্দেশ্য ব্যাখা কৰা এই আশীৰ্বাদ অনুষ্ঠানত পৌৰোহিত্য কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক ডম্বৰু গগৈয়ে। সভাত বিশিষ্ট সমাজসেৱক ফণী গগৈয়ে ভাষণ প্ৰসংগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে যিসকল অকৃতকাৰ্য হৈছে, তেওঁলোকো আমাৰ সম্পদ বুলি উল্লেখ কৰে । অনাগত দিনত সকলো ছাত্ৰ-ছাত্ৰীকে ভাল মানুহ হিচাপে চিনাকি দি যাতে জগতত খ্যাতি ৰাখিব পাৰে, তাৰ বাবে চেষ্টা চলাবলৈ আহ্বান জনায় । মনোগ্ৰাহী অনুষ্ঠানটোত অংশগ্ৰহণ কৰি জংঘলব্লক হাইস্কুলৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱা আৰু কৃতী শিক্ষক নগেন গগৈয়ে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো কালে অন্যায়-অনীতি-দুৰ্নীতিত লিপ্ত নহয়, তাৰ প্ৰতি সচেষ্ট হ’বলৈ আহ্বান জনায়। সভাত শিক্ষক থানেশ্বৰ বৰায়ো বক্তব্য প্ৰদান কৰি শিক্ষাৰ্থীসকলক উৎসাহিত কৰে । অনুষ্ঠানত কেন্দ্ৰীয় সম্পাদক ডম্বৰু গগৈ, প্ৰাক্তন সভাপতি দেওৰাম বৰুৱা, কেন্দ্ৰীয় সদস্য মহেন্দ্ৰ দুৱৰা, আঞ্চলিক সভাপতি চন্দ্ৰ গগৈ, কেন্দ্ৰীয় নামঘৰীয়া বোধেন সন্দিকৈ, নামাচাৰ্য নৰেন গগৈ, আঞ্চলিক সম্পাদক বিকাশ বৰা, টংকেশ্বৰ ভৰালীকে আদি কৰি ডেৰ শতাধিক ভকত আৰু আইৰ লগতে শতাধিক অভিভাৱক উপস্থিত থাকে । উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ পঞ্চাশগৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীক দবা-কাঁ‌হ-শংখ ধ্বনিৰ মাজতে সমজুৱাকৈ আশীৰ্বাদ প্ৰদান কৰাৰ লগতে গ্ৰন্থ আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জনোৱা হয়। ইফালে, কেন্দ্ৰীয় নামঘৰীয়া বোধেন সন্দিকৈয়ে কেন্দ্ৰীয় হৰিগৃহত গুৱাপাণ আগবঢ়োৱা অনুষ্ঠানটোত সমজুৱা প্ৰাৰ্থনাৰ আঁত ধৰে দুয়োখন আঞ্চলিকৰ সভাপতি চন্দ্ৰ গগৈ আৰু ডিম্বেশ্বৰ চুতীয়াই । শেষত গুৰু বন্দনাৰে আশীৰ্বাদ অনুষ্ঠানটিৰ সামৰণি মৰা হয় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like