নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলা আয়ুক্তৰ অনুমতি অবিহনে জ্বলালে কিতাপ-বহু মূল্যৱান নথি 

🔹 লাহোৱালৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজব ঘটনা 

নিয়মীয়া বাৰ্তা, ৩১ মে’ : লাহোৱালৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি পুৱাই সংঘটিত এক আজব ঘটনাই সকলোৰে চকু কপালত তুলিছে  ৷ প্ৰাপ্ত খবৰ অনুসৰি, লাহোৱালৰ ৰজাখাতত অৱস্থিত সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত শিশু উন্নয়ন প্ৰকল্প বিষয়াই সমাজ কল্যাণ বিভাগৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা আয়ুক্তৰ অনুমতি অবিহনেই কাৰ্যালয়টোৰ আন আন কৰ্মীৰ সহযোগত কাৰ্যালয়টো আন ঠাইলৈ স্থানান্তৰিত কৰাৰ অজুহাতত শিশুক যোগান ধৰিবলৈ অনা মূল্যৱান হাতপুথিৰ লগতে বহু মূল্যৱান নথি-পত্ৰ জ্বলাই নি:শেষ কৰা পৰিলক্ষিত হৈছে ৷ এক গোপন সূত্ৰই শিক্ষণ পুথিসমূহৰ লগতে আন নথি-পত্ৰসমূহ জ্বলাই দিয়া বুলি খবৰ দিয়া মাত্ৰেই সাংবাদিক কাৰ্যালয়টোত বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হোৱাত কাৰ্যালয়টোৰ বিষয়াই ফটো /ভিডিঅ’ সংগ্ৰহ কৰাত বাধা প্ৰদান কৰাৰ উপৰি সাংবাদিকৰ কেমেৰা দেখি নিজৰ কাৰ্যালয়ৰ কোঠাৰ পৰা পলায়ন কৰি কাৰ্যালয়টোৰ এক গোপন কোঠাত অৱস্থান গ্ৰহণ কৰে ৷ তাৰ পাছতে সাংবাদিকৰ কেমেৰাৰ সন্মুখলৈ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক মন্তব্য প্ৰদান কৰিবলৈ পঠোৱাৰ লগতে উপায়হীন হৈ কাৰ্যালয়টোৰ আন এগৰাকী বিষয়াক পঠিয়াই দায় সাৰিবলৈ চেষ্টা কৰে যদিও কেমেৰাৰ সন্মুখতে কাৰ্যালয়টোৰ বিষয়াগৰাকীৰ লগতে আন আন কৰ্মচাৰীয়ে নিজৰ ভুল স্বীকাৰ কৰি জ্বলি থকা কিতাপ-পত্ৰসমূহৰ লগতে নথিসমূহ জুইৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা কৰে ৷ ইফালে, ঘটনাৰ খবৰ পায়ে  লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ একাংশ বিষয়ববীয়া উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । কিয়নো যি সময়ত সংহত শিশু উন্নয়ন প্ৰকল্পৰ জৰিয়তে জিলাখনৰ বিভিন্ন অংগনৱাড়ী কেন্দ্ৰত শিশুক যথা সময়ত শিক্ষণ সামগ্ৰীৰ লগতে পাঠ্যপুথি যোগানত বিভাগটোৱে ব্যৰ্থতা প্ৰৰ্দশন কৰিছে, তেনে সময়তে মূল্যৱান পুথিসমূহ বিভাগীয় কৰ্তৃপক্ষৰ  অনুমতি অবিহনে বিষয়াগৰাকীয়ে জ্বলাই দিবলৈ কেনেকৈ সাহস গোটালে, তাক লৈও এতিয়া আছুৰ বিষয়ববীয়াসকলে জিলা আয়ুক্তলৈ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰিছে ৷ তদুপৰি বিষয়াগৰাকীৰ লগতে কাৰ্যালয়টোৰ আন আন কৰ্মচাৰীসকলকো বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে ৷

প্ৰেৰক কাঞ্চন জ্যোতি গোহাঁই

You might also like