নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনত পুত্ৰৰ বিজয়ত কাৰাগাৰত বিলালে মিঠাই

🔹 ডিব্ৰুগড়ত খালিস্তানী সমৰ্থক অমৃতপলৰ পিতৃ-মাতৃ

বিশেষ বাৰ্তা, ৮ জুন : সদ্যঘোষিত লোকসভা নিৰ্বাচনত পঞ্জাবৰ খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ পাছত আজি হাতত মিঠাই লৈ উপস্থিত হয় খালিস্তানী সমৰ্থক অমৃতপল সিঙৰ পিতৃ-মাতৃ। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত পিতৃ-মাতৃক আদৰণি জনায় অমৃতৰ পত্নীয়ে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী খালিস্তানী নেতা অমৃতপল সিঙে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে আজি পুত্ৰক সাক্ষাতৰ বাবে পুৱাই আহি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ পিতৃ তৰ্চেম সিং আৰু মাতৃ বলৱিন্দৰ কৌৰে বিতৰণ কৰে মিঠাই। আনন্দত উৎফুল্লিত পিতৃ-মাতৃয়ে উপস্থিত সমূহ সাংবাদিক, কাৰাগাৰৰ নিৰাপত্তাৰক্ষী, আৰক্ষীৰ লগতে কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা সমূহ কাৰাবন্দীক মিঠাই বিতৰণ কৰে। ডিব্ৰুগড় কাৰাগাৰৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অমৃতপল সিঙৰ পিতৃ তৰ্চেম সিঙে কয়- তেওঁৰ জয়ৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁক লগ পাই আমি আনন্দিত হৈছোঁ। তেওঁৰ পিতৃ-মাতৃ হিচাপে তেওঁৰ জয়ত আমি আনন্দিত হৈছোঁ।তেওঁ সুখী হোৱাৰ বাবে আমি আহিছোঁ। আমি তেওঁক নিৰ্বাচনত জয়ী হোৱাৰ প্ৰতিক্ৰিয়াৰ বিষয়ে আৰু তেওঁৰ সমষ্টিৰ জনসাধাৰণৰ বাবে কি বাৰ্তা হ’ব, সেয়া জানিম। অমৃতৰ বৃহৎ জয়ে প্ৰমাণ কৰে যে সকলোৱে তেওঁক কিমান ভাল পায় বুলি পিতৃ তৰ্চেম সিঙে উল্লেখ কৰে। ইফালে, পুত্ৰক লগ পাই অমৃতপল সিঙৰ মাতৃ বলৱিন্দৰ কৌৰ সমানেই আনন্দিত হৈ পৰিছিল। সংবাদ মাধ্যমৰ আগত তেওঁ কয়- “মই মোৰ ল’ৰাৰ জয় উদযাপনৰ বাবে সকলোৰে বাবে মিঠাই লৈ আহিছোঁ। মোৰ ল’ৰাৰ বাবেও নতুন কাপোৰ আৰু জোতা লৈ আহিছোঁ, যাতে শপত গ্ৰহণৰ সময়ত পিন্ধিব পাৰে।” অমৃতপল সাংসদ হিচাপে নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ এনেদৰে মিঠাই বিতৰণ কৰে পিতৃ-মাতৃয়ে। কোনোধৰণৰ নিৰ্বাচনী প্ৰচাৰ নচলোৱাকৈ প্ৰায় ১ লাখ ৯০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ পিছতে পঞ্জাবত ৰাইজৰ মাজত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় বুলিও জানিব পৰা গৈছে। অমৃতপল সিঙক শীঘ্ৰেই উলিয়াই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ইতিমধ্যে অমৃতসৰৰ জিলা দণ্ডাধীশৰ ওচৰত শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পৰিয়ালে আবেদন জনাইছে বুলি আজি পৰিয়ালে জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে ১৯৫৯-৬০ চনতে ব্ৰিটিছ চৰকাৰে প্ৰতিষ্ঠা কৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমানে তিনি তৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বন্দী হৈ আছে অমৃতপল সিংসহ ৯ সহযোগী। ইফালে, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত পৃথক পৃথক বিশেষ চেলত ৰখা হৈছে এইসকল কাৰাৰুদ্ধক। উল্লেখ্য যে খালিস্তানী সমৰ্থক তথা ‘ৱাৰিছ পঞ্জাব দে’ৰ নেতা অমৃতপল সিঙক পঞ্জাবত গ্ৰেপ্তাৰ কৰাৰ পিছত ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। কাৰাগাৰত তেওঁৰ লগত আছে পাপলপ্ৰীত সিং, দলজীত সিং কালসী, কুলৱন্ত সিং ধালিৱাল, বৰিন্দৰ সিং জোহাল, গুৰমীত সিং ভূষণৱালা, হৰজিৎ সিং, বসন্ত সিং, গুৰিন্দৰ সিং আউজলা আৰু ভগৱন্ত সিং। আনহাতে, আজি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈছে অমৃতপল সিঙৰ আন এগৰাকী সহযোগী বৰিন্দৰ সিঙৰ অধিবক্তা। আনহাতে, সংসদীয় কৰ্তব্য পালনৰ ক্ষেত্ৰত অমৃতপল সন্মুখীন হ’ব পৰা সম্ভাব্য প্ৰত্যাহ্বানৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰিছে আইনী বিশেষজ্ঞসকলে। তেওঁলোকৰ মতে, কাৰাগাৰত বন্দী হৈ থকাৰ পাছতো সংসদৰ সদস্য হিচাপে শপত লোৱাৰ সাংবিধানিক অধিকাৰ অমৃতপল সিঙৰ আছে। অৱশ্যে লোকসভাৰ কার্যসূচীত অংশগ্রহণ কৰিব নোৱাৰিব আৰু শপত গ্রহণৰ পাছত পুনৰ কাৰাগাৰলৈ আহিব লাগিব৷ এতিয়া পৰৱৰ্তী সময়ত কি পৰিস্থিতি উদ্ভৱ হয়, সেয়া সময়লৈ অপেক্ষা কৰিব লাগিব।

প্ৰেৰক বিভাস দুৱৰা

You might also like