নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱৰ্জনা পেলোৱা ঠাইত স্থাপন কৰিলে তুলসীৰ ভেটি

🔹 প্ৰশংসনীয় : মৰিয়নি পৌৰসভাৰ ব্যতিক্ৰমী চিন্তা

বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : মৰিয়নি নগৰৰ বিভিন্ন ঠাইত একাংশ লোকে জাবৰ, পেলনীয়া সামগ্ৰী, আৱৰ্জনা আদি পেলাই কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে। পৌৰসভা, প্ৰশাসন আদিয়ে নগৰখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস চলাইছে যদিও সেয়া যেন কামত অহা নাই । ইয়াৰ বিপৰীতে পৌৰসভাই হাতত লৈছে কেতবোৰ ইতিবাচক আৰু ব্যতিক্ৰমী কাম । নগৰখনৰ ৫নং ৱাৰ্ডৰ ষ্টেডিয়াম ৰোডত একাংশ লোকে জাবৰ পেলাই পথটোৰে যাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি কৰি আহিছিল । পূৰ্বতে নগৰ সমিতি থাকোঁতে তেতিয়াই সেই স্থানত এটা ডাষ্টবিন স্থাপন কৰিছিল । তেতিয়াৰে পৰাই সেই ঠাইত জাবৰ পেলাই আহিছে । কিন্তু পিছত তাৰ পৰা ডাষ্টবিনটো আঁতৰাই দিয়া হ’ল যদিও মানুহে আৱৰ্জনা পেলায়েই আহিছে । ফলত কাষতে এটা ৰাজহুৱা পুখুৰী প্ৰদূষিত হোৱাৰ লগতে বাপুজী ষ্টেডিয়াম, ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লগতে চাৰিখনকৈ বিদ্যালয়লৈ আহ-যাহ কৰা একমাত্ৰ পথটোৰে আহ-যাহ কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈ আহিছে। স্থানীয় লোকে বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো প্ৰথমতে গুৰুত্ব দিয়া নাছিল পৌৰসভাই। শেহতীয়াকৈ পৌৰসভাই সেই জাবৰ পেলোৱা ঠাইডোখৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি সেই স্থানত আটকধুনীয়াকৈ এটা তুলসীৰ পকী ভেটি স্থাপন কৰিলে। কালি কাতি বিহুৰ সন্ধিয়া তিতাবৰ সমজিলাৰ আয়ুক্ত বিপাঞ্চি দত্তই এগছি বন্তি প্ৰজ্বলন কৰি এই তুলসীৰ ভেটিটো আনুষ্ঠানিকভাৱে মুকলি কৰে । তুলসীৰ ভেটিটো মুকলি কৰি তিতাবৰ সমজিলাৰ আয়ুক্ত দত্তই মৰিয়নি পৌৰসভাৰ এনে কাৰ্যৰ প্ৰশংসা কৰে । কাতি বিহুৰ দিনাই এইদৰে তুলসীৰ তলত চাকি জ্বলাই তুলসীৰ ভেটি মুকলি কৰা কাৰ্যৰো তেওঁ শলাগ লয় । মাংগলিক কাৰ্য সমাপন কৰে মৃদুল শইকীয়াই । এই অনুষ্ঠানতে প্ৰাৰ্থনা গোৱাৰ অন্তত মাহ-প্ৰসাদো বিতৰণ কৰা হয় । পৌৰসভাৰ কাৰ্যবাহী বিষয়া সমীৰণ নেওগে আঁত ধৰা চমু উদ্বোধনী অনুষ্ঠানটোত পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ-পৌৰপতি প্ৰদীপ দাস, পৌৰ সদস্যত্ৰয় বিজন মজুমদাৰ, কাজল ভট্টাচাৰ্য, শংকৰ চক্ৰৱৰ্তী, পৌৰ সদস্যা ৰঞ্জুশ্ৰী দাস, ব্যৱসায়ী সঞ্জয় আগৰৱালা, মনোজ নাথ, অশোক বুঢ়াগোহাঁই, যুৱ সমাজকৰ্মী দ্বীপ দত্ত, ৰাজীৱ কৰ্মকাৰ, সুদীপ্তা হাজৰিকাকে ধৰি স্থানীয় বহুকেইজন লোক উপস্থিত থাকে । পৌৰপতি বিশ্বপ্ৰভা শইকীয়াই অঞ্চলটোৰ লোকসকলক তুলসীৰ ভেঁটিটোত প্ৰতি সন্ধিয়া এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনায় । এনে কাৰ্যই জনসাধাৰণক সজাগ কৰিব বুলিও তেওঁ উল্লেখ কৰে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পৌৰসভাই দৈনিক বজাৰৰ সমীপৰ এডোখৰ আৱৰ্জনা পেলোৱা ঠাইত খোৱাপানীৰ ব্যৱস্থা কৰাৰ লগতে পুৰণি চিনেমা হলৰ সমীপৰ আন এডোখৰ আৱৰ্জন পেলোৱা ঠাইত এটি স্মাৰক নিৰ্মাণ কৰিছে। অঞ্চলটোৰ ৰাইজে পৌৰসভাৰ এনে কাৰ্যৰ শলাগ লোৱাৰ লগতে এয়া এক ইতিবাচক পদক্ষেপ বুলি মন্তব্য কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like