নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ জানুৱাৰীত বিস্ফোৰণ ঘটাই চৰকাৰক সকীয়নি দিয়াৰ পৰিকল্পনা

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ৰাজ্যত আইন-শৃংখলাবিৰোধী এক অৰাজক পৰিস্হিতি সৃষ্টিৰে অসম চৰকাৰক হেচাঁ প্ৰয়োগ কৰিবলৈ উদ্যত হৈছিল “প্ৰকৃতি মুক্ত বাহিনী আলফা চি কোম্পানী” নামেৰে এটা ভুৱা সংগঠন! অসমৰ ভিতৰতে বৈপ্লৱিক সংগ্ৰামী সত্বা জীয়াই ৰাখি চৰকাৰ তথা বিভিন্ন ধনাঢ্য পক্ষক ভয় ভাবুকিৰে ধন দাবী কৰাৰ স্বাৰ্থান্বেষী উদ্দেশ্যে নিহিত আছিল স্ব-ঘোষিত স‌ংগঠনটোৰ। যি নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ গণ্ডীৰ বাহিৰত থাকি নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ গণৰাজ্য দিৱসত দুলীয়াজান আৰু টেঙাখাটৰ স্পৰ্শকাতৰ এলেকা তথা তৈলখাদসমূহত বোমা বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা ৰচিছিল। এই সন্দৰ্ভত সংগঠনটোৰ মুখ্য কেডাৰ ধৃত বিতোপন গগৈ সহ গেংটোৱে বোমা বিস্ফোৰণৰ দিনাই প্ৰেছ বিবৃতিযোগে সংগঠনটোৰ শক্তি প্ৰদৰ্শনৰ বিষয়ে চৰকাৰ তথা প্ৰশাসনক অৱগত কৰিবলৈ পৰিকল্পনা কৰা বুলি ভাষ্য প্ৰদান কৰিছে। ইতিমধ্যে এই সম্পৰ্কত দুলীয়াজান আৰক্ষীয়ে বিতোপনৰ ম’বাইলৰ পৰা সাত দাবী সম্বলিত এখন প্ৰেছ বিবৃতিও উদ্ধাৰ কৰিছে। ইফালে আলফা চি কোম্পানীৰ শক্তি প্ৰদৰ্শনৰ উদ্দেশ্যে শিৱসাগৰ দ’লমুখত যোৱা এমাহ পূৰ্বে ধৃত বিতোপনে আন এজন সহযোগী শিৱসাগৰৰ দিচাংমুখৰ উমা চাংমাইৰ সহযোগত হস্তনিৰ্মিত এটা আই ই ডি সংস্হাপন কৰা কথা সদৰী কৰিছে। উক্ত বোমাটো শিৱসাগৰ সদৰ আৰক্ষীয়ে উদ্ধাৰ কৰা লগতে ঘটনাৰে অভিযুক্ত উমা চাংমাইক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে গণৰাজ্যত কূটাঘাতমূলক কাণ্ড সংঘটিত লক্ষ্যৰে টেঙাখাটত লুকুৱাই থোৱা অৱস্থাত আন এটা হস্তনিৰ্মিত বোমা দুলীয়াজান আৰক্ষীয়ে যোৱা ৩ জানুৱাৰীত ধৃত বিতোপনৰ সহযোগী ভৰত হাজাৰীৰ পৰা উদ্ধাৰ কৰি গেংটোৰ সম্পূৰ্ণ পৰিকল্পনা ফাদিল কৰে। ইয়াৰ পাছৰে পৰা দুলীয়াজান আৰক্ষীৰ জিম্মাত থকা মুখ্য কেডাৰ বিতোপন গগৈ আৰু ভৰত হাজাৰী পৰা বহু তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ বিতোপনৰ স্বীকাৰোক্তি ভিত্তিতে শিৱসাগৰৰ ঘটনাৰ সংক্ৰান্তত শিৱসাগৰ জেলত থকা অভিযুক্ত উমা চাংমাইক কালি নিশা দুলীয়াজান আৰক্ষীয়ে পুনৰ চাৰি দিনৰ বাবে নিজৰ জিন্মালৈ আনি তদন্ত অব্যাহত ৰাখিছে। ধৃত বিতোপনে সংগঠনটোক স্কুটি, ম’বাইল, চীম কাৰ্ড আদি যোগান ধৰি সহায় কৰাসকলক এক/ ডেৰ লাখ অথবা পঞ্চাশ হাজাৰ টকাকৈ ধন দিয়া বুলিও জানিব পৰা গৈছে। সংগঠনটোৰ মুখ্য কেডাৰ বিতোপনৰ লগতে শিৱসাগৰৰ সূৰজ গগৈ বুলি আৰক্ষীৰ আগত ভাষ্য প্ৰদান কৰা লগতে ইতিমধ্যে সূৰজ এনকাউন্টাৰত মৃত্যু হোৱা বুলি বিতোপনে সদৰী কৰে। মুখ্য কেডাৰ বিতোপনে গঠন কৰা “আলফা চি কোম্পানী”ৰ সৈতে আন ১৫ গৰাকী সক্ৰিয় সদস্য থকা লগতে সদস্যভৰ্তি পৰিকল্পনা চলি থকা বিষয়েও জানিব পৰা গৈছে। ইফালে ধৃত ডিব্ৰুগড়ৰ লাহোৱালৰ বিতোপন গগৈ আৰু শিৱসাগৰ দিচাংমুখৰ উমা চাংমাইৰ মাজত সঘন যোগাযোগ আৰু উমা চাংমাইয়ে বিতোপনক চেটেলাইট ফোন দিয়াৰ তথ্য লাভ কৰি দুলীয়াজান আৰক্ষীয়ে জোৰদাৰ অনুসন্ধান অব্যাহত ৰাখিছে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like