নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনামৰাত আৰক্ষী চকীৰ পৰা এশ মিটাৰ দূৰত্বতে জ্বলালে এটিএম

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰ : ভাৰতীয় ষ্টেট বেংকৰ এটা এ টি এমত চুৰি কৰাৰ পাছত জ্বলাই দিয়াৰ ঘটনা সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে চিনামৰাত। জানিব পৰা মতে, চিনামৰা আৰক্ষী চকীৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত্বত তিনিআলিত থকা এছ বি আইৰ এ টি এমটো ২৪ ঘণ্টাই খোলা থাকে। মেচিনটোত শ্বাটাৰ আছে যদিও নিশা বন্ধ কৰি ৰখা নহয়। আজি পুৱা এ টি এমটোৰ শ্বাটাৰখন বন্ধ হৈ থকা আৰু কিবা জ্বলি যোৱাৰ গোন্ধ পাই কাষৰ দোকানী এজনে ভুমুকিয়াই চাই ভিতৰত জুই জ্বলা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আহি শ্বাটাৰ খুলি মেচিনটো জ্বলি যোৱাটো নিশ্চিত কৰে। তেওঁলোকে জনোৱা মতে, যোৱানিশা চোৰে চুৰি কৰাৰ পাছত মেচিনটো জ্বলাই দিয়ে। মন কৰিবলগীয়া যে আৰক্ষী চকীৰ পৰা মাত্ৰ এশ মিটাৰ মান দূৰত্বত আৰু নিশা আৰক্ষী টহলদাৰীৰ মাজতে কেনেকৈ চুৰি কাৰ্য সংঘটিত হ’বলৈ পালে, তাকে লৈ  জনসমাজত প্ৰশ্ন উত্থাপিত হৈছে। মাত্ৰ কেইদিনমান আগেয়ে সমদূৰত্বত দিনতে এঘৰত চুৰি কাৰ্য সংঘটিত হৈছিল আৰু তাৰ কোনো শুংসূত্ৰ আজিলৈকে আৰক্ষীয়ে উলিয়াব নোৱাৰিলে। চিনামৰাত ক্ৰমাগত চুৰিজনিত, ড্ৰাগছ আদিৰ ঘটনা বৃদ্ধি পাইছে যদিও আৰক্ষী চকীখন ভালুকৰ সাঙীসদৃশ হৈছে। আৰক্ষী চকীত দুগৰাকীকৈ মহিলা আৰক্ষী বিষয়াক নিয়ুক্তি দিয়া হৈছে যদিও তেওঁলোকে ঘটনাবহুল অঞ্চলত সুকলমে দায়িত্ব পালনত ব্যৰ্থ হোৱা বুলি স্থানীয় সচেতন মহলে মত প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰখা হৈছে বুলি কোৱাৰ লগতে বেংকৰ বিষয়া আহি ঘটনাস্থলীত উপস্থিত হৈছেহি যদিও চুৰি হোৱা এ টি এমটোত কিমান ধন আছিল, সেয়া বৰ্তমানেও নিশ্চিত হোৱা নাই।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like