নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামাজ পঢ়িবলৈ অহা শিক্ষাগুৰুৰ ধন, গুৰুত্বপূৰ্ণ নথি-পত্ৰ থকা বেগ চুৰি

🔹 ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : ধুবুৰীৰ মাজমজিয়াৰ এটা মছজিদলৈ নামাজ পঢ়িবলৈ অহা এগৰাকী শিক্ষকৰ নগদ ধন, বেংকৰ পাছবুককে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ নথি-পত্ৰ থকা এটা বেগ চুৰি হোৱাৰ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি দুপৰীয়া আনুমানিক ২ বজাত বাউশকাটা প্ৰজাবন্ধু হাইস্কুলৰ প্ৰধান শিক্ষক দেৱান অমিৰুল হুছেইন আহমেদে ধুবুৰীৰ ১নং ৱাৰ্ডস্থিত এছ বি আইৰ মূল শাখাৰ পৰা ৫০ হাজাৰ টকা উলিয়াই পদব্ৰজে নামাজ পঢ়াৰ বাবে চহৰখনৰ এন এছ ৰোডস্থিত বৰো মছজিদত উপস্থিত হৈছিল। নামাজ পঢ়াৰ পূৰ্বে পাছফালে ধন আৰু বেংকৰ পাছবুক আদি থকা বেগটো থৈ হাত-ভৰি ধুবলৈ লৈছিল তেওঁ। ইয়াৰ মাজতে কোনোবাই তেওঁৰ বেগটো লৈ অন্তৰ্ধান হয়। এই ঘটনাৰ পিছত মাজতে কিছুদিনৰ বাবে যতি পৰিলেও ধুবুৰীত পূৰ্বে সক্ৰিয় হৈ থকা কোনো চিলনী চোৰৰ দলৰ আগন্তুক দুৰ্গাপূজাৰ পূৰ্বে পুনৰ তৎপৰতা আৰম্ভ হ’ল নেকি বুলি প্ৰশ্নৰ উদয় হৈছে। জানিব পৰা মতে, দেৱান অমিৰুল হুছেইন আহমেদ নামৰ প্ৰধান শিক্ষকগৰাকীয়ে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like