নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰিয়হৰ ডুলিতে ভূত : ধুবুৰীত আৰক্ষীৰ জালত স্বয়ং আৰক্ষী

🔹 কম্পিউটাৰ চেন্টাৰৰ স্বত্বাধিকাৰীৰ সহযোগত আকবৰ আলীৰ কিহৰ বেহা ?

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট : ধনৰ বিনিময়ত আৰক্ষীৰ ভুৱা ৰিপোৰ্ট যোগান ধৰাৰ অভিযোগত কালি ধুবুৰী আৰক্ষীৰ জালত পৰে এজন আৰক্ষীসহ স্থানীয় কম্পিউটাৰ চেন্টাৰৰ এজন স্বত্বাধিকাৰী। প্ৰাপ্ত তথ্য অনুসৰি, ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অপৰাধ অনুসন্ধান শাখাত কৰ্মৰত আকবৰ আলী নামৰ লোকজনে দীর্ঘদিনৰ পৰা ধুবুৰীৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত থকা এটা কম্পিউটাৰৰ চেন্টাৰৰ স্বত্বাধিকাৰীৰ সহযোগত ভুৱা পুলিচ ৰিপোৰ্ট প্ৰিন্ট কৰি ধুবুৰী আৰক্ষীৰ ছীল-চহী মাৰি যোগান ধৰা আহিছিল বিভিন্নজনক। এই অভিযোগ মৰ্মে কালি ধুবুৰী আৰক্ষীৰ এটা দলে ধুবুৰী চহৰৰ সেই কম্পিউটাৰ চেন্টাৰটোত অভিযান চলাই আকবৰ আলীকে ধৰি কম্পিউটাৰ চেন্টাৰটোৰ স্বত্বাধিকাৰী ৰ’মেল আলীক আটক কৰে। উল্লেখ্য যে সেই বিশেষ কম্পিউটাৰ চেন্টাৰটোলৈ ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কেইগৰাকীমানৰো সঘন আহ-যাহ থকা বুলিও বু বু-বা বা আছে স্থানীয় একাংশ মহলত। তাৰেই পৰিপ্ৰেক্ষিতত বিষয়টো সন্দৰ্ভ ভালদৰে তদন্ত কৰিলে আগলৈ গৈ ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা নথকা নহয় বুলি মত বহুতৰেই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like