নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাৰ গণেশ মন্দিৰত চোৰৰ চাফাই অভিযান

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱ প্ৰাংগণত থকা গণেশ মন্দিৰত বৃহস্পতিবাৰে নিশা চোৰে চলায় চাফাই অভিযান। আজি পুৱাৰ ভাগত মন্দিৰ কমিটীৰ মানুহ মন্দিৰত উপস্থিত হোৱাত তলাৰ লগতে মন্দিৰৰ আচবাব ভঙা দেখা পাই হুৱাদুৱা লাগে। বাহিৰত থকা দানপাত্ৰটো নেদেখি চুৰি হোৱাৰ কথা নিশ্চিত হৈ মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়ে। মাৰ্ঘেৰিটা আৰক্ষীয়ে মন্দিৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মন্দিৰৰ আশে-পাশে থকা চি চি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰাৰ উপৰি নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা লোকক সোধা-পোছা কৰিছে। মন্দিৰ কমিটীয়ে দানপাত্ৰত কেইবাহাজাৰ টকা থকাৰ কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে উজনি অসমৰ প্ৰথমটো সৰ্ববৃহৎ গণেশ মন্দিৰ মাৰ্ঘেৰিটাৰ তেলুগু সমাজৰ বিশেষ উদ্যোগত কিছুদিন পূৰ্বে মাৰ্ঘেৰিটাত মুকলি কৰা হৈছিল। মন্দিৰটি দক্ষিণ ভাৰতৰ মন্দিৰৰ আৰ্হিত নিৰ্মিত। দক্ষিণ ভাৰতৰ কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰা মন্দিৰটিৰ মূৰ্তি ৰাজস্থানৰ পৰা অনা হৈছিল।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like