নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : ছিপাঝাৰৰ ধৰ্মীয় উপাসনাস্থলীত পৰিল চোৰৰ হাতোৰা। অঞ্চলটোৰ ব্যাসপাৰাস্থিত ঐতিহাসিক দেউৰাজ শিৱ মন্দিৰত যোৱানিশা সংঘটিত হয় চুৰি কাণ্ডৰ এই ঘটনা। ঐতিহাসিক শিৱ মন্দিৰ সংলগ্ন দানপাত্ৰটোৰ তলা ভাগি চোৰে লুটি নিলে ভক্তই আগবঢ়োৱা দান। উল্লেখযোগ্য ১৬ শতিকাতে স্থাপিত হোৱা এই শিৱ মন্দিৰটি শেহতীয়াভাবে স্থানীয় ৰাইজে দান-বৰঙণিৰে নকৈ সজাই পৰাই তোলাৰ পিছত প্ৰায় প্ৰতিটো দিনে সমাগম হয় দৰ্শনাৰ্থীৰ। কিন্তু বিগত প্ৰায় ছমাহ ধৰি খোলা হোৱা নাছিল দান পাত্ৰটো। কাতি মহীয়া নৈমত্তিক আধ্যাত্মিক কাৰ্যসূচী শেষ হোৱাৰ পিছতে দানপাত্ৰ খোলাৰ কথা আছিল যদিও নিশা দানপাত্ৰৰ তলা ভাঙি চোৰে লৈ যায় ভক্তই আগবঢ়োৱা সমুদায় ধন।দানপাত্ৰটোত কিমান পৰিমাণৰ ধন আছিল সেয়া জানিব পৰা নাই যদিও ঘটনাটোক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। উল্লেখযোগ্য যে নিশাৰ ভাগতে সংঘটিত হোৱা এই চুৰিকাণ্ডৰ বিষয়ে পূৱাহে জ্ঞাত হয় মন্দিৰ পৰিচালনা সমিতি তথা স্থানীয় ৰাইজ।
প্ৰেৰক ৰণজিত কুমাৰ নাথ