নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱজ্যোতি নগৰৰ শিৱ মন্দিৰত চোৰৰ চাফাই অভিযান

🔹 চি চি টিভি কেমেৰাত বন্দী চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য

বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী মহানগৰীত প্ৰতিদিনে চোৰৰ সন্ত্ৰাস অব্যাহত আছে। একাংশ নিচাসক্ত কিশোৰ-যুৱকে অসৎ পন্থা অৱলম্বনেৰে ধৰ্মীয় অনুষ্ঠানসমূহকো লক্ষ্য কৰি লৈছে। যোৱানিশা পাঞ্জাবাৰীৰ এটা শিৱ মন্দিৰত চোৰে চাফাই অভিযান চলোৱা ঘটনাই স্থানীয় ৰাইজক হতচকিত কৰি তুলিছে। পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰৰ পানী যোগান প্ৰকল্পৰ গৃহৰ ওপৰত থকা শিৱ মন্দিৰত যোৱানিশা চোৰে চাফাই অভিযান চলাই মন্দিৰটোৰ বিভিন্ন সা-সামগ্ৰী লৈ যোৱাৰ লগতে দানপাত্ৰ ভাঙি নগদ ধনো লৈ উধাও হয়। ঘটনা সম্পৰ্কত আজি পুৱা স্থানীয় মন্দিৰ কমিটীয়ে সাতগাঁও আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। চোৰে শিৱ মন্দিৰটোৰ পৰা পিতলৰ কলহ এটা, কাঁহৰ তাল এযোৰ, কাঁহৰ ঘটিকে ধৰি বিভিন্ন মূল্যৱান সামগ্ৰীৰ লগতে দানপাত্ৰ ভাঙি চোৰে ভক্তই আগবঢ়োৱা দান-বৰঙণি লৈ যায়। অৱশ্যে চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চি চি টিভি কেমেৰাত।

You might also like