নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত সংবাদ কৰ্মীৰ ঘৰত চোৰৰ চাফাই অভিযান

বিশেষ বাৰ্তা, ১০ অক্টোবৰঃ অপৰাধ নিয়ন্ত্ৰণত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে নগাঁও আৰক্ষী। বিশেষকৈ নগাঁও চহৰত ইটোৰ পাছত সিটোকৈ চুৰি,ডকাইতি, চিলনী চোৰৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি হৈছে যদিও গা লৰা নাই নগাঁও আৰক্ষীৰ। চলিত সপ্তাহটোৰ ভিতৰত নগাঁও চহৰত কেইবাটাও চুৰি, ডকাইতি, চিলনী চোৰৰ ঘটনা সংঘটিত হোৱাৰ পাছতো নগাঁও আৰক্ষীৰ নিৰ্লিপ্তাৰ সুযোগ গ্ৰহণ কৰি অপৰাধী চক্ৰই বিভিন্ন অপৰাধ মূলক কাৰ্যকলাপ সংঘটিত কৰি আহিছে। অনুৰূপ আজিও নগাঁও চহৰৰ গাতে লাগি থকা কাৱৈমাৰীত সংবাদ কৰ্মী ভাস্কৰজ্যোতি বৰাৰ বাসগৃহত চুৰে দিন দূপৰতে চাফাই অভিযান চলাই। ঘৰত কোনো নথকাৰ সুযোগ লৈ আজি চুৰে সংবাদ কৰ্মী বৰাৰ ঘৰৰ পৰা তিনি লক্ষাধিক টকাৰ সোণৰ আ-অংলকাৰৰ লগতে নগদ কেইবাহাজাৰ টকা চুৰি কৰি উধাও হয়।সাংবাদ কৰ্মী বৰাৰ পত্নী লগতে তেওঁৰ ভাই বোৱাৰীৰ সমস্ত সোণৰ আ-অংলকাৰৰ চুৰে চুৰি কৰি লৈ যায়। বিয়লি ভাগত এই চুৰি কাণ্ডৰ কথা পোহৰলৈ আহে। ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় হয়বৰগাঁও আৰক্ষী চকীত অভিযোগ দাখিল কৰা হৈছে আৰু আৰক্ষী আহি উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, নগাঁও চহৰত এতিয়া চুৰি, ডকাইতি, চিলনী চোৰৰ ঘটনা তেনেই সাধাৰণ হৈ পৰিছে। আৰক্ষী-নিৰাপত্তা বাহিনীয়ে গিজগিজাই থকা নগাঁও চহৰত আৰক্ষীয়ে চুৰি, ডকাইতি,চিলনী চোৰৰ দৰে অপৰাধ নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিষয়টো স্বাভাবিকতে উদ্বিগ্নৰ কাৰণ হৈ পৰিছে। তাৎপৰ্যপূৰ্ণ বিষয় যে, নগাঁও চহৰত দিনদুপৰতে এনে চুৰি ঘটনা সংঘটিত হোৱাত সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰেৰক কনক হাজৰিকা 
You might also like