🔹 ধুবুৰীৰ ঐতিহ্যমণ্ডিত হৰিসভাৰ দান ভাণ্ডাৰত পৰিল চোৰৰ চকু
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : ধুবুৰীত পুনৰ চুৰিকাণ্ড সংঘটিত হয়। এইবাৰ চোৰে চুৰি কৰিলে ধুবুৰীৰ ঐতিহ্যমণ্ডিত প্ৰতিষ্ঠান হৰিসভাৰ বাহিৰৰ বেৰত থকা দান ভাণ্ডাৰৰ ধন। আজি পুৱা হৰিসভা কৰ্তৃপক্ষই চুৰি সংঘটিত হোৱা বুলি অৱগত হয়। হৰিসভাৰ দৰে এটা প্ৰতিষ্ঠানত সংঘটিত এই ঘটনাই ধুবুৰীৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে বিগত ১৪ ডিচেম্বৰৰ পুৱতি নিশা ধুবুৰী চহৰৰ কালীবাৰী ৰোডস্থিত শ্ৰী সীতাৰাম ঠাকুৰবাৰী মন্দিৰৰ দান ভাণ্ডাৰৰ বাকচৰ ধনো চুৰি হৈছিল। তাৰ পূৰ্বে বিগত ১০ ডিচেম্বৰত ঘৰত কোনো নথকাৰ সুযোগ লৈ ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ এগৰাকী প্ৰতিষ্ঠিত চাৰ্টাৰ্ড একাউন্টেণ্ট অনুপ চান্দ শেঠীয়াৰ গৃহৰ পৰা আনুমানিক ২০ লাখ টকাৰ সামগ্ৰী চুৰি হৈছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী