নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত চোৰ-ৰ বিলৈ

পানী যোগানৰ পাইপত লগোৱা মিটাৰ চুৰি কৰি আটক ফাৰুক শেখ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ এপ্ৰিল : ধুবুৰীত চোৰ-ৰ বিলৈ। দেওবাৰে পুৱাই পুৱাই ধুবুৰীত চোৰৰ বিলৈ। চুৰি কৰিবলৈ আহি হাতে-লোটে ধৰা পৰে চোৰটো।  ধুবুৰী চহৰৰ ২ নং ৱাৰ্ডৰ গোৱৰ্ধন গলি অঞ্চলৰ ঘটনা এয়া। অঞ্চলটোৰ এটা গৃহৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ পানী যোগানৰ পাইপত লগোৱা মিটাৰ চুৰি কৰি থকা অৱস্থাত স্থানীয় ৰাইজে হাতে-লোটে ধৰে চোৰটোক। বিগত কেইবাদিনৰ পৰা অঞ্চলটোৰ কেইবাটাও গৃহৰ পানীৰ পাইপৰ মিটাৰ চুৰি হোৱাক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা ক্ষুব্ধ হৈ থকা ৰাইজে চোৰটোক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই ৰছীৰে বান্ধি থয়। ঘটনাটোৰ খবৰ পাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক থানালৈ লৈ যায়। ধৃত যুৱকজন চহৰখনৰ পাৰ্শ্বৱৰ্তী নিউঘাট অঞ্চলৰ ফাৰুক শেখ বুলি প্ৰকাশ।

You might also like