নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত চোৰৰ দৌৰাত্ম্য

🔹 টিএমপিকেই  আৰক্ষীক গতালে দুৰ্ধৰ্ষ চোৰ
নিয়মীয়া বাৰ্তা, ২৭ আগষ্ট : জোনাইত চোৰৰ দৌৰাত্ম্য। জোনাই নামনি বিজয়পুৰত কেইবাদিনৰ পৰা বিভিন্ন ঠাইত চুৰি কাৰ্য সংঘটিত কৰি ৰাইজৰ নিদ্ৰাহৰণ কৰা এটা চোৰক শনিবাৰে স্থানীয় টিএমপিকে সংগঠনে ৰাইজৰ সহযোগত  কৰায়ত্ত কৰে ৷ উল্লেখযোগ্য যে নামনি বিজয়পুৰত আজি কেইবাদিনৰ পৰা ঘৰ-দোকানত চুৰি কাৰ্য চলাই ৰাইজক অতিষ্ঠ কৰি আহিছিল ৷ ইয়াৰ পিছতে টিএমপিকে আৰু ৰাইজে বিশেষ সূত্ৰৰ পম খেদি শনিবাৰে এটা চোৰক আটক কৰি জোনাই আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ ধৃত  চোৰটোক থানালৈ লৈ যায়। ধৃত চোৰটো অয়ানৰ গাঁৱৰ জন টায়ে বুলি জানিব পৰা গৈছে। চোৰটোৱে তেওঁৰ লগত জোনাইৰে এজন সহযোগী থকা বুলি  স্বীকাৰোক্তি দিছে৷
প্ৰেৰক কৰবী দলে
You might also like