নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত ৱাইন শ্বপত চোৰৰ উপদ্ৰৱ

বিশেষ বাৰ্তা, ২৭ অক্টোবৰঃ নলবাৰী চহৰত সঘনাই চুৰি কাণ্ড সংঘটিত হৈ অহাৰ সময়তে কালি নিশা পুনৰ নলবাৰী-হাজো পথত সংঘটিত হয় আন এক চুৰি কাণ্ড। নলবাৰী-হাজো পথৰ
মাজদিয়াত অবস্থিত এখন বিলাতী সুৰাৰ দোকানত যোৱা নিশা চোৰে চাফাই অভিযান চলোৱা পৰিলক্ষিত হয়। জানিব পৰা মতে, চোৰে নিশা অঞ্জন দাসৰ ‘গীতা ৱাইন শ্বপ’ৰ চাটাৰ ভাঙি প্ৰায় দহ লক্ষাধিক টকাৰ সুৰা ভৰ্তি কাৰ্টুন লৈ যায়৷ পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে চলিত মাহতে মুগকুছি চ’কত দুখন দোকানতো চোৰে লুটপাত চলাইছিল৷ এনে পৰিস্থিতিত সৰ্বসাধাৰণ ৰাইজৰ মাজত চাঞ্চল্যই বিৰাজ কৰাৰ উপৰিও নিৰাপত্তাহীনতাত ভুগিছে সাধাৰণ জনতা৷

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like