নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকৰ ফলাফলত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখলেৰে কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়ালে মৃদুপৱন কলিতাই

নিয়মীয়া বাৰ্তা, ৭ মেঃ আজি ঘোষণা কৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফলক লৈ উৎফুল্লিত হৈ পৰিছে কাৰ্বি আংলং বাসী । পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিস্থিত ডনবস্কʼ হাইয়াৰ স্কুলৰ ছাত্ৰ মৃদুপৱন কলিতাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম দহটা স্থানৰ ভিতৰত তৃতীয় স্থান দখল কৰি কাৰ্বি আংলং জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । পিতৃৰ কৰ্মসূত্ৰে মঙলদৈৰ পৰা আহি খেৰণীত বাস কৰা মৃদুপৱন কলিতা তৰুণ চন্দ্ৰ কলিতা আৰু মীৰা বৰুৱাৰ কনিষ্ঠ পুত্ৰ । ২০১৩ চনত পিতৃৰ আকস্মিক বিয়োগৰ পাছত হাৱাইপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত মাতৃ মীৰা বৰুৱাই মৃদুপৱনৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বিশেষ ভাৱে অৰিহণা আগ বঢ়াই আহিছে । সৰুৰে পৰাই অধ্যয়নৰ প্ৰতি আগ্ৰহ থকা মৃদুপৱনে শিক্ষাৰ পাতনিতে বিদ্যালয়ত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় । মৃদুপৱনে মুঠ ৫৯৫ নম্বৰ লাভ কৰে । তেওঁ উত্তীৰ্ণ হাৰ ৯৯.১৬ শতাংশ । সৰুৰে পৰাই অধ্যয়নৰ আৰু বেডমিন্টন খেলি ভাল পায় । ভৱিষ্যতে ইঞ্জিনিয়াৰিং হোৱাৰ সপোন আছে ।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like